Breaking News

পাকিস্তানৰ পেছাৱাৰ মছজিদৰ আত্মঘাতি বোমা বিস্ফোৰণত নিহতৰ সংখ্যা ১০০ লৈ বৃদ্ধি




পাকিস্তানৰ উত্তৰ-পশ্চিম চহৰ পেছাৱাৰত সংঘটিত আত্মঘাতি বোমা বিস্ফোৰণত নিহতৰ সংখ্যা কমেও ১০০ লৈ বৃদ্ধি পাইছে, এই কথা জনাইছে চিকিৎসালয়ৰ এজন মুখপাত্ৰই । এই আক্ৰমণত আহত হৈছিল প্ৰায় ১৫০ জন লোক । ৰাতিটোৰ ভিতৰতে কেইবাটাও মৃতদেহ উদ্ধাৰ কৰা হৈছিল আৰু কেইবাজনৰো চিকিৎসাধীন অৱস্থাত মৃত্যুবৰণ কৰিছিল। উদ্ধাৰকাৰী দলে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান। ইফালে  বোমা বিস্ফোৰণত কমেও ২০ জন আৰক্ষী বিষয়া নিহত হৈছে। 

No comments