Breaking News

জনসংযোগ সঞ্চালকালয়ৰ তিনিগৰাকী বিষয়া - কৰ্মচাৰীৰ অৱসৰ

                                           


                                     

ডিজিটেল সংবাদঃ দিছপুৰ... তথ্য আৰু জনসংযোগ সঞ্চালকালয়ত কর্মৰত তিনিগৰাকী বিষয়া কৰ্মচাৰী ক্ৰমে যুটীয়া সঞ্চালক দুৰ্য্যন্ত মাধৱ শৰ্মা , উপ সঞ্চালক প্রমোদ কুমাৰ দত্ত আৰু উচ্চবৰ্গৰ সহায়ক গিৰীশ চন্দ্ৰ শৰ্মাই অৱসৰ গ্ৰহণ কৰে । এই তিনিগৰাকী বিষয়া - কৰ্মচাৰীৰ অৱসৰ উপলক্ষে সঞ্চালকালয়ৰ সভাগৃহত এখন বিদায় সভা অনুষ্ঠিত হয় । জনসংযোগৰ সঞ্চালক বিষ্ণু কমল বৰাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত বিদায়ী বিষয়া কৰ্মচাৰীকেইগৰাকীক প্রশস্তি - পত্ৰ , গামোচা , শৰাই আৰু জনসংযোগ স্মাৰকেৰে আনুষ্ঠানিকভাবে বিদায় সম্ভাষণ জনোৱ | হয় । সভাত ভাষণ প্রদান কৰি কেইবাগৰাকী বিষয়া কৰ্মচাৰীয়ে বিদায়ী বিষয়া কর্মচৰীকেইগৰাকীৰ সৈতে কাম কৰাৰ অভিজ্ঞতা , তেওঁলোকৰ কৰ্তব্যনিষ্ঠা , কর্মকুশলতা আৰু অন্যান্য গুণৰাজিৰ বিষয়ে উল্লেখ কৰে ।


বক্তাসকলে কয় যে সুদীর্ঘকাল জনসংযোগত এগৰাকী কৰ্মচাৰী হিচাপে সেৱা আগবঢ়োৱা গিৰীশ চন্দ্ৰ শৰ্মাই বিনয়ী গুণৰ বাবে সহকৰ্মীসকলৰ মাজত সমাদৰ লাভ কৰিছিল । সভাত দুৰ্য্যন্ত মাধৱ শৰ্মাই ৰাজ্যখনৰ বিভিন্ন জিলাত জনসংযোগ বিষয়া হিচাপে নিষ্ঠা আদায়বন্ধতাবে সেৱা আগবঢ়োৱাৰ কথা কেইবাগৰাকী বক্তাই তেওঁলোকৰ ভাষণত উল্লেখ কৰে । সহকর্মীসকলে সুবক্তা আৰু সৰবৰহী লোক ৰূপে পৰিচিত শৰ্মাৰ সুদীর্ঘ নিৰোগী জীৱন কামনা কৰি শুভেচ্ছা জনায় । এগৰাকী তথ্য আৰু জনসংযোগ বিষয়া হিচাপে ৰাজ্যৰ বিভিন্ন স্থানত সেৱা আগবঢ়াই জনসংযোগ সঞ্চালকালয়ৰ পৰা অৱসৰ গ্ৰহণ | প্ৰমোদ কুমাৰ দত্তৰ এগৰাকী সুদক্ষ বিষয়া হিচাপে সুনাম আছে ।  সভাত বিদায়ী সম্ভাষণ জনোৱা বিষয়া - কৰ্মচাৰীসকলে কর্তব্য সম্পাদনৰ সময়ত প্ৰমোদ কুমাৰ দত্তৰ পৰা লাভ কৰা সহযোগিতা , মাগদৰ্শন আৰু অমায়িক তথা ভাতৃত্বসুলভ ব্যৱহাৰৰ কথা কৃতজ্ঞতাৰে উল্লেখ কৰে । ঢোলৰ ওজা , চিত্রশিল্পী হিচাপেও সুপৰিচিত দত্ত অৱসৰ গ্ৰহণৰ পৰবৰ্তী কালছোৱাত অধিক সৃষ্টিশীল হ'ব বুলি আশা কৰি সহকর্মীসকলে শুভেচ্ছা জ্ঞাপন কৰে । সভাত তিনিওগৰাকী বিদায়ী বিষয়া - কৰ্মচাৰীয়ে দীর্ঘদিনীয়া চাকৰি জীৱনত লাভ কৰা বিভিন্ন অভিজ্ঞতাৰ কথা উল্লেখ কৰে । তেওঁলোকে বর্তমান কৰ্মৰত বিষয়া - কৰ্মচাৰীসকলক নিষ্ঠা আৰু দায়বন্ধতাৰে নিজৰ কৰ্তব্য সমাপন কৰি জনসংযোগৰ সুনাম বৃদ্ধিত অৰিহনা যোগাবলৈ আহ্বান জনায় । সভাত তথ্য আৰু জনসংযোগৰ সঞ্চালক বিষ্ণু কমল ব্ৰা , অতিরিক্ত সঞ্চালক প্রদীপ রহ্ম , যুটীয়া সঞ্চালক জ্যোতির্ময় চক্ৰৱৰ্তীকে ধৰি কেইবাগৰাকী বিষয়া কৰ্মচাৰীয়ে ভাষণ প্রদান কৰে । সভাত যুটীয়া সঞ্চালক দীননাথ লয়িং , উপ সঞ্চালক প্ৰাণজিৎ হাজৰিকাকে ধৰি সঞ্চালকালয়ৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে ।

No comments