Breaking News

আদানিৰ অধিগ্ৰহণে বিপদ মাতিছে নেকি NDTV লৈ। এইবাৰ পদত্যাগ কাৰ্যবাহী সম্পাদক নিধি ৰাজদানৰ



কি হৈছে NDTVৰ ভিতৰচ’ৰাত। এজনৰ পাছত আন এজনে এৰিছে NDTV। এইবাৰ NDTVৰ কাৰ্যবাহী সম্পাদক নিধি ৰাজদানে কৰিছে পদত্যাগ। ৰাজদানৰ সহকৰ্মী শ্ৰীনিবাসন জৈনে ৩০ বছৰ ধৰি চেনেলটোৰ সৈতে সম্পৰ্কৰ পিছত চেনেলটো এৰি যোৱাৰ কথা ঘোষণা কৰাৰ তিনিদিন পিছত পুনৰ নিধি ৰাজদানৰ পদত্যাগে সংবাদক্ষেত্ৰত সৃষ্টিক কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ। ২০২২ চনৰ নৱেম্বৰত শেহতীয়াকৈ আদানিৰ কোম্পানীয়ে অধিগ্ৰহণ কৰাৰ পিছত জৈনে শনিবাৰে পদত্যাগ কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ দ্বাৰা আদানি গ্ৰুপৰ ওপৰত জালিয়াতিৰ অভিযোগৰ মাজতে তেওঁ তেওঁৰ অফিচিয়েল টুইটাৰ পৃষ্ঠাত পদত্যাগৰ কথা ঘোষণা কৰে।

উল্লেখ্য যে ২০২২ চনৰ ৩০ নৱেম্বৰত আদানীয়ে আনুষ্ঠানিকভাৱে কোম্পানীটোৰ দায়িত্ব গ্ৰহণ কৰাৰ লগে লগে, প্ৰণয় আৰু ৰাধিকা ৰয়ে পৰিচালক মণ্ডলীৰ পৰা পদত্যাগ পত্ৰ দাখিল কৰে।  ৰয়ৰ পদত্যাগৰ এদিন পিছত, ২০২২ চনৰ ৩০ নৱেম্বৰত জ্যেষ্ঠ সাংবাদিক ৰবিশ কুমাৰেও তাৎক্ষণিক ভাৱে কোম্পানীটোৰ সৈতে পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছিল।

No comments