Breaking News

গৌতম আদানিৰ প্রতিষ্ঠানত সংঘটিত অনিয়মৰ ফলত অসমৰ বিনিয়োগকাৰী সকলৰ লোকচান


ডিজিটেল ডেস্ক...
গৌতম আদানিৰ প্রতিষ্ঠানত সংঘটিত অনিয়মৰ ফলত অসমৰ যিসকল বিনিয়োগকাৰী লোকচানৰ কবলত পৰিছে , তেওঁলোকৰ ধনৰ সুৰক্ষা ৰাজ্য চৰকাৰে নিশ্চিত কৰিব লাগে বুলি দাবী জনাইছে অসম জাতীয় অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই  এক গ্ৰেছ বিজ্ঞপ্তিত কয় যে ইতিপূর্বে নীৰৱ মোডী , মেহুল ঢোকছিকে ধৰি গুজৰাটৰ ৩৭ গৰাকী ব্যৱসায়ীয়ে এক লাখ কোটিতকৈ অধিক টকা ঋণ লৈ ভাৰতৰ পৰা পলায়ন কৰিছে । এতিয়া আকৌ প্রধানমন্ত্রী মোডীৰ আশিসধন্য উদ্যোগপতি গৌতম আদানিৰ কোম্পানীয়ে তেওঁৰ কোম্পানীৰ শ্বেয়াৰৰ মূল্য জালিয়াতি কৰি বৃদ্ধি কৰি বিনিয়োগকাৰীক বিক্ৰী কৰিছে । লগতে জালিয়াতি কৰা অতিরিক্ত মূল্যৰ সেই শ্বেয়াৰ বন্ধকত ৰাখি ষ্টেট বেংক ইণ্ডিয়া , পাঞ্জাব নেচনেল বেংক আদি ৰাষ্ট্ৰীয়কৃত বেংক তথা বিত্তীয় প্রতিষ্ঠানৰ পৰা প্ৰায় ২.২ লাখ কোটি টকাৰ ঋণ লৈ উক্ত প্রতিষ্ঠানসমূহক বিপদত পেলোৱাৰ লগতে সংশ্লিষ্ট বেংকৰ গ্ৰাহকসকলৰ মাজত চৰম অনিশ্চয়তাৰ সৃষ্টি কৰিছে । তদুপৰি জীৱন বীমা নিগম , এছ বি আই লাইফ আদি ভাৰতৰ বহু চৰকাৰী আৰু অৰ্ধ - চৰকাৰী প্ৰতিষ্ঠানৰ বিনিয়োগ প্রতিষ্ঠানত জমা ৰখা ধনৰাশিক লৈ চৰম অনিশ্চয়তাত পৰিছে । 

No comments