Breaking News

ৰাজ্যৰ দ্বিতীয় ৰাজধানীলৈ পৰিণত হ’ল ঐতিহাসিক ডিব্ৰুগড় চহৰ ।ডিব্ৰুগড়ত প্ৰথমবাৰলৈ অনুষ্ঠিত হয় মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ৰাজ্যিক কেবিনেট বৈঠক ।





ডিজিটেল ডেস্ক: ৰাজ্যৰ দ্বিতীয় ৰাজধানীলৈ পৰিণত হ’ল ঐতিহাসিক ডিব্ৰুগড় চহৰ ।ডিব্ৰুগড়ত প্ৰথমবাৰলৈ অনুষ্ঠিত হয় মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ৰাজ্যিক কেবিনেট বৈঠক । ডিব্ৰুগড় কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত উপায়ুক্ত হোৱা এই বৈঠকত বহুকেইটা  ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হয় ।  বৈঠকৰ অন্ততঃ উপায়ুক্ত কাৰ্যালয়ত এক সংবাদ মেল সম্বোধন কৰি ঘোষণা কৰে ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা ।ফেব্ৰুৱাৰী মাহত ওদালগুৰিত অনুষ্ঠিত হ’ব অসম ৰাজ্যিক কেবিনেটৰ বৈঠক।অনুষ্ঠিত হ'বলগীয়া এই বৈঠকখনেই হ’ব মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অন্তিমখন কেবিনেট বৈঠক ।  ছেপ্টেম্বৰ মাহৰ পিছতহে গুৱাহাটীৰ বাহিৰত অনুষ্ঠিত হ'ব অসম কেবিনেটৰ বৈঠক । ইফালে ১০ মাৰ্চৰ পৰা অনুষ্ঠিত হ’ব অসম বিধানসভাৰ বাজেট অধিবেশন। ১৬ মাৰ্চত ২০২২-২৩ বৰ্ষৰ বিত্তীয় বাজেট দাখিল কৰিব বিত্তমন্ত্রী অজন্তা নেওগে । ৰাজ্যখনত ফুলৰ চাহিদা বৃদ্ধিৰ বাবে গ্ৰহণ কৰিব ‘ ষ্টেট ফ্লৰিকাৰ্লছাৰ মিছন ' । আৰম্ভণিতে এই প্ৰকল্পত প্ৰায় ২০ হাজাৰ কৃষকক জড়িত কৰিব পৰাকৈ ১৫০ কোটি টকাৰ অনুমোদন জনাইছে অসম ৰাজ্যিক কেবিনেটে । ১৪ এপ্ৰিলত অসমলৈ আহিব প্রধানমন্ত্রী মোদী : অন্যহাতে , ১৪ এপ্ৰিলত অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । দেশৰ প্রধানমন্ত্রীজনক আদৰিবলৈ ৰাজকীয় আয়োজন কৰিব অসম চৰকাৰে । পহিলা ব'হাগত দেশৰ প্ৰধানমন্ত্ৰীজনক ৰাজ্য চৰকাৰে ২০০০ নাচনীৰ জৰিয়তে ঢোলে - দগৰে আদৰিবৰ কাৰণে কঁকালত টঙালি বান্ধিছে ।  ডিব্ৰুগড়ত অনুষ্ঠিত অসম মন্ত্রীসভাৰ বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গঠন কৰিছে ৪ জনীয়া কেবিনেট মন্ত্ৰীৰ কমিটী সেইদৰে জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰীসকলৰ পদৰীৰ নাম সলনিৰ সিদ্ধান্ত গ্ৰহণ কৰে...ডিব্ৰুগড়ত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই গঠন কৰিছে ৪ জনীয়া কেবিনেট মন্ত্ৰীৰ কমিটী ।  তেজপুৰত ৰাজভৱন স্থাপনৰ বাবে আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে । ইতিমধ্যে বৰাক উপত্যকাত মিনি সচিবালয় নির্মাণ চলি থকাৰ কথা সদৰি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।। তদুপৰি , ডিব্ৰুগড় চৌকিডিঙ্গিত স্থাপন হ'ব ফ্লাছ লাইটিং , ডিব্ৰুগড়ৰ আমোলাপট্টি , মানকটা আৰু লাহোৱালত উৰণীয়া সেতু নির্মাণৰ বাবে অনুমোদন জনোৱা হয় । কেবিনেটত নাহৰকটীয়াত হকী ষ্টেডিয়াম নির্মাণৰো সিদ্ধান্ত গ্রহণ কৰে । জিলাখনত নতুনকৈ ৫ খন দলং নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । ইয়াৰে আঘোণীবাৰীৰ পৰা তেলপানীলৈ ২৭০ মিটাৰ , দিচাং নদীত ১৩৫ মিটাৰ , ডিমৌ নদীত ৪০ মিটাৰ , বুঢ়ীদিহিং নদী আৰু মদাৰখাটৰ পৰা গলাপাহাৰলৈকে দলং নিৰ্মাণৰ বাবে কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে । ইফালে ডিব্ৰুগড় জিলাত দলং নিৰ্মাণৰো সিদ্ধান্ত গ্ৰহণ কৰে । চেঁচাৰ পৰা ইটাখুলি , আঘোণীবাৰীৰ পৰা খোৱাঙলৈ মথাউৰিৰ ওপৰেদি নির্মাণ হ’ব পকী পথ । ইফালে অসম চিকিৎসা মহাবিদ্যালয়ত অত্যাধুনিক আৱাসিক ভৱন নিৰ্মাণত অনুমোদন জনায় আজিৰ কেবিনেটে । চিকিৎসা মহাবিদ্যালয়খনৰ ষ্টাফ কোৱাটাৰবিলাকক একত্ৰিত কৰি নিৰ্মাণ কৰা হ’ব আঠ মহলীয়া অত্যাধুনিক ভৱন । অন্যহাতে , ডিব্ৰুগড়ত আন্তঃৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত কৰিব পৰাকৈ কনভেনশ্বন চেণ্টাৰ নিৰ্মাণৰ সিদ্ধান্তত অনুমোদন জনাইছে । ১৫০০ আৰু ৫০০ মানুহ বহিব পৰাকৈ দুটাকৈ কনভেনশ্বন চেণ্টাৰ । ইফালে ডিব্ৰুগড় খনিকৰত নিৰ্মাণ হৈ থকা অত্যাধুনিক ষ্টেডিয়ামখনৰ আসনৰ সংখ্যা ৫০০ ৰ পৰা ২০০০ হাজাৰলৈ সিদ্ধান্ত গ্রহণ কৰে । ডিব্ৰুগড় আৰক্ষী ছাউনী খেলপথাৰখন ষ্টেডিয়ামলৈ উন্নীতকৰণৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয় । 

No comments