Breaking News

গৌতম আদানিৰ ব্যৱসায়িক জালিয়াতি


ডিজিটেল ডেস্ক: ২৪ জানুৱাৰীত হিণ্ডেনবাৰ্গ ৰিছাৰ্চ নামৰ বিনিয়োগ সম্পৰ্কীয় মার্কিন গৱেষণা প্রতিষ্ঠানে ভাৰতীয় উদ্যোগপতি গৌতম আদানিৰ ব্যৱসায়িক জালিয়াতি সন্দৰ্ভত ১০৬ পৃষ্ঠাৰ এক প্রতিবেদন প্রকাশ কৰিছিল । সেই প্রতিবেদনত অভিযোগ কৰা অনুসৰি আদানি গোষ্ঠীয়ে বছৰ বছৰ ধৰি তেওঁলোকৰ শ্বেয়াৰৰ মূল্য জালিয়াতিৰে বৃদ্ধি কৰি অনৈতিকভাৱে ধন সংগ্ৰহ কৰিছে আৰু আয়কৰবিহীন দেশলৈ নিজৰ ধন প্ৰেৰণ কৰি  ক'লা ধনৰ পাহাৰ গঢ়িছে । দুদিনত আদানি বিশ্বৰ তৃতীয় স্থানৰ পৰা চহকী ব্যক্তিৰ তালিকাত সপ্তম স্থানলৈ খহি পৰে ।  আদানি গোষ্ঠীৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগৰ পোনপটীয়া খণ্ডন কৰিবলৈ সমৰ্থ হোৱা নাই ভাৰতীয় উদ্যোগপতিৰ কোম্পানীটোৱে ।  ৪১৩ পৃষ্ঠাৰ উত্তৰত আদানি গোষ্ঠীয়ে দাবী কৰিছে এয়া এখন দেশৰ ওপৰত , ভাৰতীয় জাতীয়তাবাদৰ ওপৰত এক পৰিকল্পিত আক্রমণ । আদানি গোষ্ঠীয়ে ৪১৩ পৃষ্ঠাৰ উত্তৰত লিখিছে — ‘ ভাৰতীয় আইনী ব্যৱস্থা সন্দৰ্ভত মার্কিন সংস্থাটোৰ কোনো ধাৰণা নাই । ভাৰতৰ বজাৰত পুঁজি সংগ্ৰহৰ ব্যৱস্থা কিদৰে আগবাঢ়ে তাকো হিণ্ডেনবার্গে নাজানে । হিঙেনবাৰ্গে দেশৰ ওপৰত কৰা আক্ৰমণৰ অভিযোগৰ প্ৰত্যুত্তৰত বিদ্রুপ কৰি কৈছে— ' নিজৰ আৰু সংস্থাৰ উল্কাৰ দৰে উত্থানক ভাৰতৰ সাফল্যৰ সৈতে লেটিয়াই পেলাইছে আদানি গোষ্ঠীয়ে ৷ ভাৰতৰ গণতন্ত্ৰৰ ওপৰত সকলোৰে আস্থা আছে । ভাৰত যে ছুপাৰ পাৱাৰ হোৱাৰ দিশে ধাৱমান আৰু শীঘ্ৰেই বিশ্বৰ শক্তিশালী দেশৰ মাজত প্ৰৱেশ কৰিবলৈ আগবাঢ়িছে তাত আমাৰ সন্দেহ নাই । কিন্তু আমি বিশ্বাস কৰোঁ জালিয়াতি জালিয়াতিয়েই । প্ৰৱঞ্চনাক প্ৰৱঞ্চনা হিচাপেই গ্ৰহণ কৰা উচিত । জালিয়াতি ধৰা পৰিলে তাক দেশৰ সাফল্য , জাতীয়তাবাদৰ সৈতে লেটিয়াই পেলাই লভ নাই । আমি উত্থাপন কৰা ৮৮ টা অভিযোগৰ ৪৬ টা অভিযোগৰ কোনো উত্তৰ দিব পৰা নাই আদানি গ্রুপে । তেওঁলোকে প্রথমে অভিযোগৰ সঠিক উত্তৰ দিয়ক । বিষয়টোৰ পৰা ফালৰি কাটি জাতীয়তাবাদৰ কাৰ্ড খেলাৰ প্ৰচেষ্টা বাদ দিয়ক । আপনি গোষ্ঠীয়ে ভাৰতক প্ৰণালীবদ্ধভাৱে লুটিছে । তাৰ প্ৰমাণ আমি প্রতিবেদনত দিছোঁ । সেয়া তেওঁলোকে মিছা বুলি প্ৰমাণ কৰক । ’

No comments