Breaking News

গোগামুখত অনশনত বহিল পৰিৱেশকর্মী

 


ডিজিটেল ডেস্ক:...ৱাংচুকৰ সমৰ্থনত গোগামুখত অনশনত বহিল পৰিৱেশকর্মী .... জলবায়ু পৰিৱৰ্তনে জটিল সমস্যাত পেলাবলৈ আৰম্ভ কৰিছে সমগ্ৰ পৃথিৱীৰ লগতে ভাৰতকো । উদ্যোগ , কল - কাৰখানা আৰু বনাঞ্চল ধ্বংসই জীৱকুলৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে । যাৰ বাবে চনমৱাংচুকৰ দৰে প্ৰখ্যাত বিজ্ঞানী আৰু পৰিৱেশকৰ্মীয়ে আন্দোলনৰ দৰে কাৰ্যসূচী ৰূপায়ণ কৰি ২০ ডিগ্ৰী চেলছিয়াছত অনশন কৰিবলৈ বাধ্য হৈছে আৰু চনম ৱাংচুৰ সমৰ্থনত ধেমাজি জিলাৰ গোগামুখতো বহু পৰিৱেশকর্মীয়ে অনশন কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আৰম্ভ কৰিছে । জলবায়ু পৰিৱৰ্তন সম্পৰ্কে লাডাখৰ প্ৰখ্যাত বিজ্ঞানী , পৰিৱেশকর্মী চনম বাংচুকে ৫ দিনীয়া অনশন কাৰ্যসূচী  আৰম্ভ কৰিছে । চনম রাংচুকৰ সমৰ্থনত গোগামুখতো পুরা ৮ ৪৫ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ সমীপত অনশন কাৰ্যসূচী গ্ৰহণ কৰা হয় । বিশিষ্ট পৰিৱেশকর্মী পি এম এছ বি ভিৰ প্ৰতিষ্ঠাপক সম্পাদক কেশৱ কৃষ্ণ ছত্ৰধৰাৰ আহ্বানত অঞ্চলটোৰ পৰিৱেশসচেতন ব্যক্তি , কবি গীতিকাৰ , বিনয় কৃষ্ণ তামুলী ফুকন , লেখক বসন্ত বৰা , জগদীশ বৰুৱা , তাকাৰ তালি , সাংবাদিক মনোজ গগৈ , গোগামুখ গণ নাট্য বাহিনীৰ সম্পাদক প্রাঞ্জল শ‍ইকীয়া , সাংস্কৃতিককর্মী স্বর্গ দেওধাই ফুকন , বিৰেণ মিলি , পুণ্যেশ্বৰী টাইড , হীৰাকান্ত পেণ্ড আদি পৰিৱেশ সচেতন ব্যক্তিৰ লগতে অর্ধশতাধিক সাধাৰণ ৰাইজ উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰে । তেওঁলোকে সাংবাদিক অৱগত কৰা মতে , জলবায়ু পৰিৱৰ্তনৰ ফলত বিশ্বত ইতিমধ্যে ব্যাপকভাৱে কু - প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰিছে । লগে লগে তৃতীয় মেৰু হিচাপে খ্যাত আমাৰ হিমালয়খনো দিনে দিনে অ সুৰক্ষিত হৈ আহিছে । দূৰৰ পৰা আমাৰ হিমালয়খন সুন্দৰ দেখা যায় যদিও হিমালয়খন সুৰক্ষিত নহয় আসুৰিক হ'বলৈ গৈ আছে । এখন সুৰক্ষিত হিমালয় অবিহনে আমাৰ ভৱিষ্যত অন্ধকাৰ । আমি কোটি কোটি মানুহ , জৈৱ বৈচিত্র্য হিমালয়ৰ বুকুৰ ব্ৰফৰ ওপৰত নিৰ্ভৰশীল । তেওঁলোকে কয়- চনমে ২০ ডিগ্রী চেলছিয়াছত অনশন কৰি আছে আৰু আমি ২৫ ডিগ্ৰী চেলছিয়াছত বহি ভাৰতৰ আনটো কোণৰ পৰা চনমক সমর্থন কৰি ক'ব বিচাৰিছোঁ যে , হিমালয় সুৰক্ষাৰ এই আন্দোলনত আমি তোমাৰ সৈতে আছোঁ আৰু আমি সকলোৱে মিলি ইয়াক সম্ভৱপৰ কৰিব পাৰিব লাগিব । 

No comments