Breaking News

ৰাজ্যই বৃদ্ধি কৰিলে ভেট , ডিজেলৰ মূল্যবৃদ্ধি ....



ডিজিটেল ডেস্ক... ৰাজ্যই বৃদ্ধি কৰিলে ভেট , ডিজেলৰ মূল্যবৃদ্ধি ....ৰাজ্য চৰকাৰে ইন্ধনৰ ওপৰত  ‘ ভেট’ৰ হাৰ পুনৰ বৃদ্ধি কৰিছে । অসম চৰকাৰে প্রতি লিটাৰ ডিজেলৰ বিপৰীতে অতিৰিক্ত ৩৫ পইচাকৈ বৃদ্ধি কৰিছে । যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত ডিজেলৰ পুনৰ মূল্য বৃদ্ধি পাইছে । পূৰ্বতে ধার্য কৰা ভেট ১৭.০৯ শতাংশৰ পৰা বৰ্তমান ১৮.৩২ শতাংশলৈ বৃদ্ধি কৰিছে । এই সন্দৰ্ভত অসম চৰকাৰৰ বিত্ত বিভাগৰ প্ৰধান সচিব সমীৰ কুমাৰ সিন্‌হাই ২৪ জানুৱাৰীত জাননী জাৰি কৰিছে । ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ ২৫ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাত প্ৰতিলিটাৰ ডিজেলৰ বিপৰীতে অতিৰিক্ত ৩৫ পইচা ভেট বৃদ্ধি পায় । স্বাভাৱিকতেই ভেটৰ হাৰ বৃদ্ধিৰ ফলত ৰাজ্যত ডিজেলৰ মূল্য বৃদ্ধি পাইছে । সোমবাৰৰ দিনটোত গুৱাহাটীত প্ৰতিলিটাৰ ডিজেলৰ মূল্যই ৮৮.৩০ টকা স্পৰ্শ কৰিছে ।ৰাজ্যৰ ৰাজহ ঘাটি জোৰা মৰাৰ স্বাৰ্থতে ডিজেলৰ ওপৰত পুনৰ ভেট বৃদ্ধি কৰি ৰাইজৰ ওপৰত যেন আন এক মাধমাৰ সোধালে মিত্ৰজোঁটৰ চৰকাৰে । অৱশ্যে পেট্ট’লৰ ওপৰত চৰকাৰে বৰ্তমান কোনো অতিৰিক্ত কৰ বৃদ্ধি কৰা নাই ।

No comments