Breaking News

জীৱন নাটৰ সামৰণি নগাঁও পুৰণিগুদামৰ সৰবৰহী ব্যক্তি তথা চিৰকুমাৰ কুশ (সোনা) শৰ্মাৰ



ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও পুৰণিগুদামৰ সৰবৰহী ব্যক্তি, অমায়িক, সংস্কৃতিৱান ব্যক্তি কুশ (সোনা) শৰ্মা আৰু নাই। ৭৯ বছৰ বয়সত আজি প্ৰায় পুৱা ৯ বজাত শেষ নিশ্বাস ত্যাগ কৰে সৰবৰহী শৰ্মাই। জণ্ডিচ ৰোগত আক্ৰান্ত হোৱা শৰ্মাক দেওবাৰে নিশা ডিউ কেয়াৰ হস্পিতালত ভৰ্তি কৰা হৈছিল যদিও চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে চিৰকুমাৰ কুশ শৰ্মাই। শৰ্মা অঞ্চলটোৰ বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে নিবিড়ভাৱে জড়িত সকলোৰে প্ৰিয়পাত্ৰ হ’বলৈ সক্ষম হৈছিল। অতি নম্ৰ আৰু অমায়িক স্বভাৱৰ শৰ্মাই মৃত্যুত সমগ্ৰ পুৰণিগুদাম অঞ্চলতে গভীৰ শোকৰ ছাঁ পৰিছে। শৰ্মা পুৰণিগুদামস্থিত শতবৰ্ষ গৰকা  ঐতিহাসিক কাঠৰ দুৰ্গা প্ৰতিমা মন্দিৰৰ পৰিচালনা সমিতিৰ এগৰাকী অন্যতম সক্ৰিয় বিষয়ববীয়া আছিল।  তেখেতৰ এই মৃত্যুত ঐতিহাসিক কাঠৰ দুৰ্গা প্ৰতিমা মন্দিৰৰ পৰিচালনা সমিতিৰ লগতে অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান তথা ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰে। 

শৰ্মাৰ মৃত্যুত জননী লাইভেও গভীৰ শোক প্ৰকাশ কৰাৰ লগতে বিদেহী আত্মাৰ সদগতিৰ কামনা কৰিছোঁ।

No comments