Breaking News

আদানি গ্রুপ সন্দৰ্ভত বিশেষজ্ঞ কমিটী গঠনত আপত্তি নাই কেন্দ্ৰৰ



ডিজিটেল ডেস্ক: ছুপ্রিম ক'ৰ্টক জনালে ছলিচিটৰ জেনেৰেলে.... আদানি গ্রুপ সন্দৰ্ভত বিশেষজ্ঞ কমিটী গঠনত আপত্তি নাই কেন্দ্ৰৰ... কেন্দ্ৰৰ হৈ উচ্চতম ন্যায়ালয়ত এই তথ্য জনায় ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই । হিল্ডেনবার্গে আদানি গোষ্ঠীৰ কিছুমান কেলেংকাৰী প্ৰকাশ কৰাৰ পিচত শ্বেয়াৰ বজাৰত ব্যাপক খহনীয়া হয় আৰু ব্যাপক লোকচান ভৰে বিনিয়োগকাৰীসকলে । চৰকাৰী ৰাজহুৱা প্ৰতিষ্ঠান ভাৰতীয় ষ্টেট বেংক আৰু ভাৰতীয় জীবন বীমা নিগমত জমা থকা গ্ৰাহকৰ হেজাৰ হেজাৰ কোটি টকাও আদানিৰ কোম্পানীসমূহত বিনিয়োগ হৈছিল ।হেজাৰ হেজাৰ বিনিয়োগকাৰীৰ ধন যাতে নেহেৰায় , তাৰ ব্যৱস্থা লোৱাৰ বাবে উচ্চতম ন্যায়ালয়ত দাখিল হৈছিল আবেদন । ন্যায়ালয়ে এই সম্পৰ্ভত প্রতিবেদন দাখিল কৰিবৰ বাবে কেন্দ্ৰ আৰু সংশ্লিষ্ট কর্তৃপক্ষ ‘ ছেবি’ক নির্দেশ দিছিল ।  কেন্দ্ৰৰ হৈ তুষাৰ মেহতাই মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড় নেতৃত্বাধীনবিচাৰপীঠক জনায় যে কেন্দ্ৰ আৰু বজাৰ নিয়ন্ত্রক সংস্থা ' ছেবি’য়ে সমস্যাটো সমাধান কৰিব পাৰিব । লগতে ন্যায়ালয়ৰ পৰামৰ্শ অনুসৰি বিনিয়োগকাৰীৰ স্বার্থ সুৰক্ষাৰ বাবে বিশেষজ্ঞ কমিটী গঠনত কেন্দ্রই বিৰোধিতা নকৰে বুলিও ছলিচিটৰ জেনেৰেলে জনায় ।  উচ্চতম ন্যায়ালয়ত দাখিল দুখন ৰাজহুৱা স্বাৰ্থজনিত আবেদনত বিনিয়োগকাৰীক শোষণ কৰাৰ অভিপ্রায়েৰে আদানি গ্রুপৰ ষ্টক মূল্যৰ কৃত্ৰিমভাৱে পতন ঘটোৱা হৈছে বুলি অভিযোগ কৰা হৈছে । 

No comments