Breaking News

একে পৰিয়ালৰ ২-৩ জনে লৈছিল ৰেচন কার্ড ইতিমধ্যে বহুসংখ্যক ব্যক্তিয়ে ৰেচন কাৰ্ড ঘূৰাই দিছে কর্তৃপক্ষৰ হাতত



ডিজিটেল ডেস্ক: একে পৰিয়ালৰ ২-৩ জনে লৈছিল ৰেচন কার্ড ইতিমধ্যে বহুসংখ্যক ব্যক্তিয়ে ৰেচন কাৰ্ড ঘূৰাই দিছে কর্তৃপক্ষৰ হাতত .. অসম চৰকাৰৰ খাদ্য , অসামৰিক আৰু যোগান বিভাগে সমগ্ৰ ৰেচন কাৰ্ড ব্যৱস্থাক জনসাধাৰণৰ বাবে অধিক সহজলভ্য কৰাৰ প্রচেষ্টা অব্যাহত ৰাখিছে ।  জালিয়াতি , ভুৱাকৈ নাম সন্নিবিষ্ট কৰা , আধাৰ সংযোগ নকৰা , অনিয়মেৰে ৰেচন কাৰ্ড হস্তগত কৰি ৰখা আদি বিভিন্ন কাৰণত ৪৯.৮১ লাখ ৰেচন কাৰ্ড হিতাধিকাৰীৰ নাম কৰ্তন কৰিছে চৰকাৰ তথা খাদ্য , অসামৰিক আৰু যোগান বিভাগে । একেদৰে বিভাগে বাতিল কৰিছে ২,৫১,৩৭৭ খন ৰেচন কাৰ্ড । যোগান বিভাগৰ এক সূত্রই জনোৱামতে ৰাজ্যত মুঠ ৰেচন কাৰ্ডৰ সংখ্যা হৈছে ৫৮.৮৩ লাখ জন । এনে ৰেচন কাৰ্ডৰ বিপৰীতে থকা মুঠ হিতাধিকাৰীৰ সংখ্যা হৈছে ২,৪৯,৯০,৫৩৭ খন । কিন্তু আধাৰ কাৰ্ড সংযোগকে ধৰি গ্ৰহণ কৰা কেতবোৰ নিত্য নতুন পদক্ষেপৰ ফলত ২,৫১,৩৭৭ খন ৰেচন কাৰ্ড বাতিল হোৱাৰ লগতে ৪৯.৮১ লাখ অযোগ্য , ভুৱা হিতাধিকাৰীৰ নাম ৰেচন কাৰ্ডৰ পৰা কৰ্তন হৈছে । একেটা পৰিয়ালতে ' দুই , তিনিখন ৰেচন কার্ড থকাটোও শেহতীয়া প্ৰক্ৰিয়াত ধৰা পৰিছে । একেদৰে দুখীয়া , দৰিদ্ৰক বঞ্চিত কৰি একাংশ ধনাঢ্য ব্যক্তিয়েও নিজৰ নামত ৰাখিছিল ৰেচন কাৰ্ড । কিন্তু এক দেশ এক ৰেচন কাৰ্ড নীতিৰে আৰম্ভ কৰা আধাৰ সংযোগকে ধৰি অন্যান্য পদক্ষেপৰ ফলত ২,৫১,৩৭৭ খন ৰেচন কার্ড বাতিল হোৱাৰ লগতে ৪৯.৮১ লাখ হিতাধিকাৰীৰ নাম ৰেচন কাৰ্ডৰ পৰা কৰ্তন হৈছে । বিভাগীয় তথ্য অনুসৰি বাক্সাত ১,৩৮,১৫৬ জন হিতাধিকাৰী , বৰপেটাত ১,৮৯,২৭১ জন , বিশ্বনাথত ১,০৬,২৬৯ জন , বঙাইগাঁৱত ৬৭,৫১২ জন , কাছাৰত ১,৮০,৪৩১ জন , চৰাইদেউত ১,১৭,৫৯৭ জন , চিৰাঙত ৬৯,১৬৭ জন , দৰঙত ৭৮,৩২৮ জন , ধেমাজিত ৮৬,৩৩৬ জন , ধুবুৰীত ১,১৩,৮২৫ জন , ডিব্ৰুগড়ত ৩,৯৭,০৮৯ জন , ডিমা হাছাওত ৭৩,৯৩৬ জন , গোৱালপাৰাত ১,১৫,৬০২ জন , গোলাঘাটত ২,২১,০২৫ জন , হাইলাকান্দি ৯০,২৩৭ জন , হোজাইত ১,২৩,০২৮ জন , যোৰহাটত ২,০৯,৭০০ জন , কামৰূপত ২,১৮ , ০৯৪ জন , কামৰূপ ( ম ) ত ২,৮৭,৯০৬ জন , কাৰ্বি আংলঙত ১,৪৩,৭৭৬ জন , কৰিমগঞ্জত ১,৭২,৬৪৬ জন , কোকৰাঝাৰত ৯৯,৯৩৪ জন , লখিমপুৰত ১,৬৩,৭৩১ জন , মাজুলীত ১১,৬৫৭ জন , মৰিগাঁৱত ৮৩,৩৭২ জন , নগাঁৱত ২,০৯,০৯৭ জন , নলবাৰীত ১,১৮,৩৭৭ জন , শিৱসাগৰত ১,৮০,৬৯১ জন , শোণিতপুৰত ২,৭৬,৭১৩ জন , দক্ষিণ শালমাৰাত ৩২,৩১৯ জন , তিনিচুকীয়াত ৩,৯৯,৫২২ জন , ওদালগুৰিত ৯৫,২৪৩ জন আৰু পশ্চিম কাৰ্বি আংলঙত ১,১১,৩৮২ জন হিতাধিকাৰীৰ নাম ৰেচন কাৰ্ডৰ পৰা বাতিল কৰা হৈছে । সূত্ৰটোৱে জনোৱামতে অনিয়মেৰে ৰেচন কাৰ্ড হস্তগত কৰি থকাসকলক দুখীয়া , দৰিদ্ৰৰ বাবে উক্ত কাৰ্ডসমূহ ঘুৰাই দিবলৈ চৰকাৰে আহ্বান জনাইছে । 

No comments