Breaking News

অসম ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদত খালী হৈ আছে ৭৩ পদ ..



ডিজিটেল ডেস্ক: প্রদূষণ নিয়ন্ত্রণ..লোকসভাত পৰিবেশ , বন , জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়ৰ তথ্য... গুৱাহাটী , নগাঁও , নলবাৰী শিৱসাগৰ , শিলচৰ নেচনেল ক্লীন এয়াৰ প্ৰ'গ্ৰামৰ আওতালৈ.... অসম ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদত খালী হৈ আছে ৭৩ পদ ... বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে নেচনেল ক্লীন এয়াৰ প্ৰগ্ৰাম তথা চমুকৈ এন চি এ পিৰ আওতালৈ আহিছে গুৱাহাটী মহানগৰসহ অসমৰ পাঁচখনকৈ নগৰ - চহৰ । বায়ু প্ৰদূষণৰ কবলত পৰা দেশৰ ১৩১ খন নগৰ - চহৰক স্বচ্ছ প্ৰদূষণমুক্ত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা এন চি এ পি আঁচনিৰ আওতালৈ আহিছে অসমৰ গুৱাহাটী মহানগৰীৰ লগতে নলবাৰী , নগাঁও , শিৱসাগৰ আৰু শিলচৰ চহৰ । লোকসভাৰ মজিয়াত এই তথ্য দাঙি ধৰিছে কেন্দ্ৰীয় পৰিবেশ , বন আৰু বতৰ পৰিবৰ্তন মন্ত্র্যালয়ে । মন্ত্রালয়ে আগবঢ়োৱা তথ্য অনুসৰি বায়ু প্ৰদূষণৰ কবলত পৰা দেশৰ ১৩১ খন নগৰ চহৰত যোৱা ৫ বছৰ ধৰি নেচনেল এম্বিয়েণ্ট এয়াৰ কোৱালিটি ষ্টেণ্ডাৰ্ডছ ( এন এ এ কিউ এছ ) ৰ অৱনতি ঘটিছে । এন এ এ কিউ এছৰ অৱনতি ঘটাৰ বাবে এই নগৰ চহৰসমূহক স্বচ্ছ আৰু নিকা কৰিবলৈ আঁচনি লৈছে চৰকাৰে । সেয়ে এন চি এ পিৰ আওতালৈ আহিছে অসমৰ এই পাঁচখন নগৰ - চহৰ । ইফালে অসমৰ বহুকেইখন নগৰ - চহৰ বায়ু প্ৰদূষণৰ কবলত পৰাৰ সময়তে অসমৰ বায়ু প্ৰদূষণৰ সকলো দিশ চোৱা - চিতাৰ দায়িত্বত থকা অসম ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্রণ পৰিষদত বৰ্তমান ৭৩ টা পদ খালী হৈ থকাৰ উদ্বেগজনক খবৰ পোহৰলৈ আহিছে । কেন্দ্ৰীয় পৰিবেশ , বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্রালয়ে লোকসভাত দাঙি ধৰা তথ্য অনুযায়ী , দেশৰ ২৮ খন ৰাজ্যৰ প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অনুমোদিত পদৰ সংখ্যা হৈছে ১১,১০৩ টা । কিন্তু এই অনুমোদিত পদসমূহৰ ভিতৰত ৫,৪৫৪ টা পদেই খালী হৈ আছে । ইয়াৰ ভিতৰত অসমৰ ২৬৪ টা অনুমোদিত পদৰ বিপৰীতে খালী হৈ আছে ৭৩ টা পদ ।

No comments