Breaking News

ৰাষ্ট্ৰীয় শিক্ষা নীতি ৰূপায়ণৰ সন্ধিক্ষণত সংসদত উচ্চ শিক্ষাৰ উদ্বেগজনক তথ্য....‘ নাক’ৰ স্বীকৃতি নাই দেশৰ ৩৪,৭৩৪ খন কলেজৰ......

 


ডিজিটেল ডেস্ক: ৰাষ্ট্ৰীয় শিক্ষা নীতি ৰূপায়ণৰ সন্ধিক্ষণত সংসদত উচ্চ শিক্ষাৰ উদ্বেগজনক তথ্য....‘ নাক’ৰ স্বীকৃতি নাই দেশৰ ৩৪,৭৩৪ খন কলেজৰ...... কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ ' পর্যায়ক্রমে সমগ্ৰ দেশত ৰূপায়ণ কৰিবলৈ লোৱাৰ সময়তে সংসদত এক উদ্বেগজনক তথ্য প্রকাশ পায় উচ্চ শিক্ষা সন্দৰ্ভত । দেশত বর্তমান ৩৪,৭৩৪ খন মহাবিদ্যালয় আৰু ৬৯৫ খন বিশ্ববিদ্যালয় নাক'ৰ স্বীকৃতি অবিহনেই ঢলি আছে । চৰকাৰৰ ফালৰ পৰা এই উদ্বেগজনক তথ্য প্ৰকাশ কৰা হৈছে । শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্রী সুভাষ সৰকাৰে লোকসভাত প্ৰকাশ কৰা তথ্য অনুসৰি দেশত বর্তমান বিশ্ববিদ্যালয়ৰ সংখ্যা ১১১৩ খন । ইয়াৰে ৪৮ বিশ্ববিদ্যালয়ৰহে বর্তমান পর্যন্ত ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদ ( নাক ) ৰ দ্বাৰা মূল্যায়ন হৈছে ।দেশত উচ্চ শিক্ষা প্ৰদান কৰি থকা মহাবিদ্যালয়ৰ সংখ্যা ৪৩,৭৯৬ খন যদিও ইয়াৰ ১০৬২ খনৰ নাকৰ দ্বাৰা মূল্যায়ন কৰা হৈছে । বেংগালুৰুত মুখ্য কাৰ্যালয় থকা ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদৰ ফালৰ পৰা প্রতি পাঁচ বছৰৰ অন্তৰে অন্তৰে উচ্চশিক্ষানুষ্ঠানসমূহ মূল্যায়ন কৰাব লাগে । নাকে ৭/৮ টা মান দিশত মূল্যায়ণ কৰি উচচ শিক্ষানুষ্ঠানসমূহক স্বীকৃতি আৰু  গ্ৰেড প্ৰদান কৰে । সেই গ্ৰেডৰ ওপৰত ভিত্তি কৰি উচ্চ শিক্ষানুষ্ঠানসমূহে বিশ্ববিদ্যালয়ৰ অনুদান আয়োগৰ পৰা বিভিন্ন প্ৰকল্পৰ বাবদ অর্থসাহায্য লাভ কৰিবলৈ যোগ্য হয় । 

No comments