Breaking News

লোকসভাত কেন্দ্রীয় শ্রম মন্ত্ৰী ভূপেন্দ্ৰ যাদৱৰ উদ্বেগজনক তথ্য ৩ বছৰত দেশৰ ১.১২ লাখ দিনহাজিৰা কৰা শ্ৰমিকৰ আত্মহত্যা



ডিজিটেল ডেস্ক: লোকসভাত কেন্দ্রীয় শ্রম মন্ত্ৰী ভূপেন্দ্ৰ যাদৱৰ উদ্বেগজনক তথ্য ৩ বছৰত দেশৰ ১.১২ লাখ দিনহাজিৰা কৰা শ্ৰমিকৰ আত্মহত্যা ...২০১৯-২১ বর্ষ অর্থাৎ বিগত তিনি বছৰত ১.১২ লাখ দিনহাজিৰা কৰা শ্ৰমিকে আত্মহত্যাৰ পথ বাছি লৈছে । লোকসভাত এই উদ্বেগজনক তথ্য প্ৰকাশ কৰে কেন্দ্ৰীয় শ্রম মন্ত্রী ভূপেন্দ্ৰ যাদৱে । শ্রম মন্ত্ৰীগৰাকীয়ে জনায় যে ২০১৯-২১ বৰ্ষত ৬৫,৯১২ গৃহিণী , ৫৩,৬৬১ স্ব - নিয়োজিত , ৪৩,৪২০ বেতনভোগী আৰু ৪৩,৩৮৫ নিবনুৱাই আত্মহননৰ পথ বাছি লৈছিল । সমান্তৰালকৈ ২০১৯ , ২০২০ আৰু ২০২১ চনত ৩৫,৯৫০ শিক্ষার্থী , ৩১,৮৩৯ গৰাকী কৃষকে আত্মহননৰ পথ বাছি লয় । আনহাতে ৰাষ্ট্ৰীয় অপৰাধ অভিলেখন ব্যুৰৰ ( এন চি আৰ বি ) তথ্যত তিনি বছৰত বিভিন্ন ক্ষেত্ৰত আত্মহনন কৰা লোকৰ তথ্য সদনৰ প্ৰশ্নকালত দাঙি ধৰিছিল যাদৱে ।এমাহৰ বিৰতিৰ পিচত ১৩ মাৰ্চৰ পৰা বাজেট অধিৱেশনৰ দ্বিতীয় পর্ব অনুষ্ঠিত হ’ব 

No comments