Breaking News

'ৰাষ্ট্ৰীয় মূল্যায়ন আৰু প্ৰত্যায়ন পৰিষদ' (নাক)ৰ মূল্যায়নত চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়, টীয়কৰ A+ গ্ৰেড লাভ

 '


ডিজিটেল সংবাদ টীয়ক...বৰ্তমানলৈকে 'নাক'ৰ মূল্যায়ন হোৱা অসমৰ মহাবিদ্যালয়সমূহৰ ভিতৰত তৃতীয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয়ৰ ভিতৰত প্ৰথম স্থান ৰাষ্ট্ৰীয় মূল্যায়ন আৰু প্ৰত্যায়ন পৰিষদ' (নাক)ৰ মূল্যায়নত চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়, টীয়কে A+ গ্ৰেড লাভ কৰিছে। আজি ঘোষিত ফলাফলত ১৯৫৯ চনত প্ৰতিষ্ঠিত পূব যোৰহাটৰ অগ্ৰণী মহাবিদ্যালয়খনে CGPA: 3.41 লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে এই ফলাফলে মহাবিদ্যালয়খনক বৰ্তমানলৈকে সম্পন্ন হোৱা 'নাক'ৰ মূল্যায়নত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয়সমূহৰ ভিতৰত প্ৰথম স্থান আৰু অসমৰ ভিতৰত তৃতীয় স্থানত অৱতীৰ্ণ কৰাইছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয়খনে কলা আৰু বাণিজ্য শাখাৰ পাঠ্যক্ৰমৰ লগতে বহুকেইটি ডিপ্লমা, চাৰ্টিফিকেটৰ বৃত্তিমুখী পাঠ্যক্ৰমৰ জৰিয়তে বৃহত্তৰ টীয়কৰ ছাত্ৰ-ছাত্ৰীসকলক শিক্ষা প্ৰদান কৰি আহিছে। প্ৰায় ১১০ বিঘা মাটিত অৱস্থিত মহাবিদ্যালয়খনত গাহৰি পালন, মীন পালন, হাঁহ পালন, ছাগলী পালন, শাক-পাচলি পামৰ জৰিয়তে উৎপাদনশীল কৰ্মত ৰত হৈ আছে। আনহাতে মহাবিদ্যালয়খনৰ অধীনত ৫ খন প্ৰতিপালিত গাঁও আৰু ৫ খন প্ৰতিপালিত  বিদ্যালয় আছে। এই গাঁও আৰু বিদ্যালয়সমূহৰ বিকাশৰ হকে মহাবিদ্যালয়খনে বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰি আহিছে। ফেব্ৰুৱাৰী মাহৰ ৯ আৰু ১০ তাৰিখে মূল্যায়িত হোৱা মহাবিদ্যালয়খনৰ এই মূল্যায়ন আছিল তৃতীয় পৰ্যায়ৰ (3rd Cycle)। ইতিপূৰ্বে মহাবিদ্যালয়খনে C++ আৰু B+ গ্ৰেড লাভ কৰিছিল। সাফল্যৰ খবৰ বিয়পি পৰাৰ পাছত স্থানীয় বহুকেইজন গণ্যমান্য ব্যক্তি মহাবিদ্যালয়লৈ আহি অভিনন্দন জ্ঞাপন কৰেহি। মহাবিদ্যালয়ত বিয়লি ৩:৩০ বজাত আয়োজিত এখন 'সংবাদ-মেল'ত মহাবিদ্যালয়খনৰ উত্তৰণত মুখ্য ভূমিকা গ্ৰহণ কৰা মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° বিজয় কৃষ্ণ পাচনীয়ে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় "মহাবিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ অহোপুৰুষাৰ্থ আৰু অভিভাৱক, শুভাকাংক্ষী তথা স্থানীয় ৰাইজৰ আশীৰ্বাদত এই ভাল ফলাফলটো লাভ কৰিবলৈ সক্ষম হ'লো। আমি মহাবিদ্যালয়খনৰ সৰ্বতোপ্ৰকাৰৰ বিকাশৰ হকে যৎপৰোনাস্তি প্ৰচেষ্টা চলাই আছোঁ। পৰম্পৰাগত পাঠ্যক্ৰমসমূহৰ সমান্তৰালভাৱে বৃত্তিমুখী পাঠ্যক্ৰম প্ৰৱৰ্তন কৰি ছাত্ৰ-ছাত্ৰীসকলক সময়ৰ লগত আগুৱাই নিবলৈ সযত্ন প্ৰয়াস কৰিছোঁ। আমাৰ মহাবিদ্যালয়খনৰ বিগত পাঁচ বছৰৰ কৰ্মৰাজিৰদ্বাৰা 'নাক'ৰ মূল্যায়নত আমি অৱশ্যে A++ আশা কৰিছিলোঁ। অতি কম নম্বৰৰ বাবেহে মহাবিদ্যালয়খনে A++ পাবলৈ সক্ষম নহ'লো। অসমৰ ভিতৰত বৰ্তমান A+ লাভ কৰা মহাবিদ্যালয় মাত্ৰ ৫ খনহে মহাবিদ্যালয় আছে। অসমৰ A+ লাভ কৰা ৫ খন মহাবিদ্যালয়ত অৱস্থান কৰি আমি আনন্দিত। আনহাতে আমাৰ মহাবিদ্যালয়খনে লাভ কৰা CGPA ৰ ফালৰপৰা অসমৰ ভিতৰত তৃতীয় স্থানত আছোঁ আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয়সমূহৰ ভিতৰত প্ৰথম স্থানত আছোঁ। এয়া মহাবিদ্যালয়খনৰ বাবে, টীয়কৰ বাবেও অত্যন্ত গৌৰৱৰ বিষয়। এখন গ্ৰামাঞ্চলৰ মহাবিদ্যালয় হিচাপে নানা প্ৰত্যাহ্বানৰ মাজেৰে আগবাঢ়ি গৈ CGPA: 3.41 লাভ কৰাটো অতি আশাপ্ৰদ খবৰ।"

No comments