Breaking News

নাগপুৰত দুৰ্ঘটনাত মৃত্যু হোৱা ১৭ বছৰীয়া কিশোৰীৰ পৰিলয়ালে দান কৰিলে বৃক্ক, যকৃত



পথ দুৰ্ঘটনাত মৃত্যু হোৱা  এগৰাকী ১৭ বছৰীয়া কিশোৰীৰ পৰিয়ালৰ সদস্যসকলে দৰিদ্ৰ ৰোগীসকলক তেওঁৰ বৃক্ক আৰু যকৃত দান কৰাৰ সিদ্ধান্ত লয়। জোনেল ট্ৰেন্সপ্লান্ট কো-অৰ্ডিনেচন চেণ্টাৰ (জেডটিচিচি) নাগপুৰে এই সন্দৰ্ভত জনাইছিল যে অঙ্গবোৰে তিনিজন যুৱ ৰোগীক এক নতুন জীৱন প্ৰদান কৰিছিল। অৱশ্যে দাতাৰ পৰিয়ালৰ ইচ্ছা অনুসৰি, কৰ্তৃপক্ষই তেওঁলোকৰ পৰিচয় প্ৰকাশ কৰা নাই।

কিশোৰীগৰাকী ৬ ফেব্ৰুৱাৰীত দুৰ্ঘটনাত পতিত হৈছিল। সকলো প্ৰচেষ্টা স্বত্বেও, কিশোৰীগৰাকীক বচাব পৰা নগ'ল। নিউ এৰা হস্পিটেলত চিকিৎসাধীন অৱস্থাতে কিশোৰীগৰাৰীপ মৃত্যু হৈছিল। 

কিশোৰীগৰাকীৰ  যকৃত নিউ এৰা হস্পিটেলত এগৰাকী ৩৮ বছৰীয়া মহিলালৈ সংৰোপণ কৰা হৈছিল, ইফালে বৃক্ক একেখন চিকিৎসালয়তে চিকিৎসাধীন হৈ থকা এগৰাকী ৩০ বছৰীয়া পুৰুষলৈ সংৰোপণ কৰা হৈছিল, আনহাতে আনটো বৃক্ক অৰেঞ্জ চিটি হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰৰ এগৰাকী ২৭ বছৰীয়া পুৰুষক সংৰোপণ কৰা হৈছিল। জেডটিচিচি নাগপুৰ গঠন হোৱাৰ পিছত এয়া আছিল বিদৰ্ভৰ পৰা ৯৭ সংখ্যক মৃত অংগ দান, চলিত বৰ্ষত দ্বিতীয়টো অংগ দান।


No comments