Breaking News

দেশৰ ভিতৰতে সৰ্বাধিক বনভূমি দখল অসমত:বেদখলকাৰীৰ অধিকাংশ‌ই প্ৰব্ৰজনকাৰী তথা সন্দেহজনক লোক

কেৱল চৰ-চাপৰি অঞ্চললেই‌ নহয়, ৰাজ্যখনৰ ৰাষ্ট্ৰীয় উদ্যান, বন্যপ্ৰাণী অভয়াৰণ্য আৰু সংৰক্ষিত বনাঞ্চল সমূহৰো বৃহৎ এলেকা একাংশ প্ৰব্ৰজিত লোকে দখল কৰিছে। আজিৰ তাৰিখত ৰাজ্যখনৰ মুঠ ৩,৭৭,৫৩২.৬৩ হেক্টৰ বনভূমি দখলকাৰীৰৰ কবলত পৰিছে।যাৰ ফলত বনভূমি দখলৰ ক্ষেত্ৰত দেশৰ‌ ভিতৰতে প্ৰথম স্থানত আছে অসম। উল্লেখযোগ্য যে এই বেদখলৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে ক্ষীপ্ৰতৰ কৰি তুলিছে যদিও এই সমস্যাৰ কোনো স্থায়ী সমাধান এতিয়ালৈকে হোৱা নাই। চৰকাৰী তথ্য অনুসৰি ৰাজ্যৰ ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্যসমূহৰ ৩৬২০৭৮.২০ হেক্টৰ ভূমি দখলকাৰীৰ কবলত পৰিছে।নামনি আৰু মধ্য অসমৰ প্ৰায়বোৰ বনভূমিতেই এতিয়া চলিছে বেদখলকাৰীৰ দপদপনি। ইয়াৰ ভিতৰত সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যতেই সৰ্বাধিক ভূমি দখল হৈছে। তথ্য অনুসৰি ২২০ বৰ্গকিলোমিটাৰ এলেকাৰ  অভয়াৰণ্য খনৰ এক তৃতীয়াংশ অৰ্থাৎ প্ৰায় ৮৫ বৰ্গ কিলোমিটাৰ এলেকা একাংশ সন্দেহজনক প্ৰব্ৰজনকাৰী লোকে দখল কৰিছে।একেদৰে মানস ৰাষ্ট্ৰীয় উদ্যানৰ ২৮.০৯  বৰ্গকিলোমিটাৰ,নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ ৫ বৰ্গকিলোমিটাৰ, বৰনদী বন্যপ্ৰাণী অভয়াৰণ্যৰ ৪ বৰ্গকিলোমিটাৰ, লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যৰ১.৩৪৮ বৰ্গকিলোমিটাৰ,বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ ৫.১৩৫ বৰ্গকিলোমিটাৰ,বৰাইল বন্যপ্ৰাণী অভয়াৰণ্যৰ ২৪.৬৪ বৰ্গকিলোমিটাৰ,আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ ২.৭০ বৰ্গকিলোমিটাৰ,ডিব্ৰু- ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ৫.৬১ বৰ্গকিলোমিটাৰ, চক্ৰশীলা বন্যপ্ৰাণী অভয়াৰণ্যৰ ০.১০৫ বৰ্গকিলোমিটাৰ আৰু ভেৰজান-বৰজান পদুমণি বন্যপ্ৰাণী অভয়াৰণ্যৰ ১.২১৭ বৰ্গকিলোমিটাৰ ভূমি বেদখল হৈছে। আনহাতে ৰাষ্ট্ৰীয় উদ্যান আৰু আৰু অভয়াৰণ্য সমূহৰ উপৰিও উজনিৰ পৰা নামনিলৈকে সংৰক্ষিত বনাঞ্চল সমূহৰ মাটিও ব্যাপক মাত্ৰাত দখল হৈ আহিছে।আজিৰ তাৰিখত গোৱালপাৰা জিলাৰ ৬১৯ হেক্টৰ,দৰং জিলাৰ ৮০ হেক্টৰ, ধুবুৰী জিলাৰ ৭২.৩৬ হেক্টৰ, বঙাইগাঁও জিলাৰ ৭২.৩৬ হেক্টৰ, চিৰাং জিলাৰ ৭৩৭.৪ হেক্টৰ, ওদালগুৰি জিলাৰ ৩৮৬২.২ হেক্টৰ, বাক্সা জিলাৰ ৫৬৮৬ হেক্টৰ, নগাঁও জিলাৰ ৩৬৬৮.৫‌ হেক্টৰ,মৰিগাঁও জিলাৰ ২৩.৫ হেক্টৰ,হোজাই জিলাৰ ১১০০৬ হেক্টৰ, শোণিতপুৰ জিলাৰ ৩২২০০ হেক্টৰ,বিশ্বনাথ জিলাৰ ২৯৫৩৩ হেক্টৰ, লখিমপুৰ জিলাৰ ৬৮৫৬‌ হেক্টৰ, তিনিচুকীয়া জিলাৰ ১১৬১৫.৮ হেক্টৰ,চৰাইদেউ জিলাৰ ৪২৮৮ হেক্টৰ, শিৱসাগৰ জিলাৰ ৫৫০০ হেক্টৰ,যোৰহাট জিলাৰ ১৮৬৫১.২৯ হেক্টৰ,গোলাঘাট জিলাৰ ৮৭২১৩ হেক্টৰ,কোকৰাঝাৰ জিলাৰ ২২৬০৪ হেক্টৰ,কাছাৰ জিলাৰ ৫৫৯২.২ হেক্টৰ, কৰিমগঞ্জ জিলাৰ ১৪০১৮‌ হেক্টৰ, হাইলাকান্দি জিলাৰ ১১৬১৬ হেক্টৰ,ডিমা হাছাও জিলাৰ ৮১০.১৬ হেক্টৰ,কাৰ্বি আংলং জিলাৰ ১২১৯০ হেক্টৰ,কামৰূপ জিলাৰ(গ্ৰাম্য আৰু মেট্ৰ') ২৭৫০৩.৮৭৯ হেক্টৰ সংৰক্ষিত বনাঞ্চলৰ ভূমি দখল হৈছে। উল্লেখযোগ্য যে এই বনভূমি দখল ৰোধ কৰাৰ বাবে উচ্চতম ন্যায়ালয়েও ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে।এই নিৰ্দেশৰ পাছতেই চৰকাৰে উচ্ছেদ অভিযান আৰম্ভ কৰিছে যদিও ৰাজ্যৰ একাংশ বিৰোধী দলে ৰাজনৈতিক স্বাৰ্থত এই অভিযানৰ বিৰোধিতা কৰি আহিছে।‌মন কৰিবলগীয়া কথা যে এই প্ৰব্ৰজনকাৰী লোকৰ বাবেই‌ ৰাজ্যৰ ভালে সংখ্যক বিধান সভা সমষ্টি খিলঞ্জীয়া লোকৰ হাতৰ পৰা ওলাই গৈছে। ইয়াৰ ফলত ৰাজনৈতিক ক্ষেত্ৰখনলৈয়ো পৰিৱৰ্তন আহিছে।এনে পৰিস্থিতিত এটা সমষ্টিৰ পৰা আন এটা সমষ্টিলৈ হৈ থকা প্ৰব্ৰজন আৰু বনভূমিত হৈ থকা অবাধ দখলে অনাগত দিনত ৰাজ্যৰ পৰিস্থিতি ভয়াৱহ  কৰি তোলাৰ সম্ভাৱনীয়তা পৰিলক্ষিত হৈছে।

No comments