Breaking News

গঁড়ৰ আক্ৰমণত আহত মহিলাসহ তিনি গৰাকী



গহপুৰ মহকুমাৰ অন্তৰ্গত ডিপৰা অঞ্চলত আজি গড়ৰ আক্ৰমণত দুগৰাকী মহিলাসহ এজন পুৰুষ গুৰুতৰভাৱে আহত হয়। প্ৰাপ্ত তথ্য অনুসৰি, গহপুৰৰ ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া কল্যাণপুৰ গাওঁ পঞ্চায়তৰ ডিপৰা তলতলী পথাৰত কৰা সৰিয়হ খেতি আজি ৰাতিপুৱা বহুতো লোকে একত্ৰিত হৈ তুলি আছিল। কাজিৰঙাৰ পৰা ওলাই অহা এটা গঁড়ে পুৱা ৮-৩০ মান বজাত খাৰৈ সুঁতি পাৰহৈ তলতলী পথাৰত সৰিয়হ তুলি থকা লোকসকললৈ খেদা মাৰি আহে। হঠাতে গঁডটোৱে খেদা মাৰি অহাত সৰিয়হ তুলি থকা লোকসকলৰ মাজত হুৱা-দুৱা লাগে। গঁড়টোৰ আক্ৰমণত দুগৰাকী মহিলা ক্ৰমে ৰাধিকা‌‌ দৰ্জী,জলপৰী চাহানী আৰু বাবা দৰ্জী নামৰ এজন লোক আহত হয়। গড়টোৰ আক্ৰমণত ৰাধিকা দৰ্জীয়ে কঁকালত,জলপৰী চাহানীয়ে ভৰিত আৰু বাবা দৰ্জী ‌নামৰ লোকজনে বুকুত দুখ পোৱাৰ উপৰিও গঁড়টোৱে তেওঁৰ হাতৰ মাংস এৰুৱাই নিয়ে। ৰাধিকা আৰু জলপৰীক গহপুৰ মহকুমা অসামৰিক চিকিৎসালয়ত চিকিৎসা কৰি থকাৰ বিপৰীতে বাবা দৰ্জীক উন্নত চিকিৎসাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি‌ কৰোৱা হৈছে। আনহাতে গঁড় দুটাৰ ভিতৰত এটা গঁড় বন বিভাগৰ কৰ্মীয়ে কাজিৰঙাৰ ফালে খেদি পঠিয়ায় যদিও আক্ৰমণকাৰী গঁড়টো  খৰ্চে চাপৰিৰ ফালে যোৱাত বনকৰ্মীয়ে  গঁড়টো কাজিৰঙালৈ খেদি পঠিয়াবলৈ চেষ্টা কৰি আছে যদিও গঁড়টোক‌ লৈ অঞ্চলটোৰ ৰাইজ শংকিত হৈ আছে।

No comments