Breaking News

অযোধ্যা পালেহি নেপালৰ পৰা কঢ়িয়াই অনা ছয় কোটি বছৰ পুৰণি দুটাকৈ বিশাল শালগ্রাম শিল ।



ডিজিটেল ডেস্ক: অযোধ্যা পালেহি নেপালৰ পৰা কঢ়িয়াই অনা ছয় কোটি বছৰ পুৰণি দুটাকৈ বিশাল শালগ্রাম শিল । নেপালৰ পৰা ৩৭৩ কিলোমিটাৰ দূৰত্ব আৰু সাদিনীয়া যাত্ৰাৰ পাচত এই শালগ্রাম শিল অযোধ্যা আহি পোৱাৰ পাচত  ৫১ জন বৈদিক ব্রাহ্মণে এই শিলৰ পূজা কৰে ।ছয় কোটি বছৰ পুৰণি এই শালগ্রাম শিল কালি নেপালৰ পৰা দুখন ট্রাকেৰে অযোধ্যালৈ অনা হয় । ইয়াৰে এটা শিলৰ ওজন হৈছে ২৬ টন আৰু আনটো শিলৰ ওজন হৈছে ১৪ টন ।ছয় কোটি বছৰ পুৰণি এই শালগ্রাম শিলৰ পৰাই ভগৱান শ্ৰীৰাম , সীতাৰ মূৰ্তি আৰু ৰামলালাৰ মূৰ্তি নিৰ্মাণ কৰা হ'ব । অযোধ্যালৈ অনা এই দুয়োটা শিল নেপালৰ চটাং জিলাৰ চালিগ্ৰাম আৰু মুক্তিনাথ এলেকাৰ নিকটৱৰ্তী গণ্ডকী নদীত পোৱা গৈছিল ।শ্ৰীৰাম জন্মভূমি তীর্থক্ষেত্র ট্রাষ্টৰ মহাসচিব - চম্পত ৰায় , ডাঃ অনিল মিশ্র , মেয়ৰ ঋষিকেশ উপাধ্যায়ে এই শিল বর্তমান ৰামসেৱক পুৰমত ৰখাৰ সিদ্ধান্ত লৈছে । তীর্থক্ষেত্ৰৰ মহাসচিব চম্পত ৰায়ে কয়— ভগৱান শ্ৰীৰামৰ মন্দিৰৰ মূৰ্তি কেনেধৰণৰ হ'ব আৰু কোনটো শিলৰ পৰা নিৰ্মাণ কৰা হ’ব এয়া ৰাম জন্মভূমি তীর্থক্ষেত্র ট্রাষ্টে আলোচনা কৰি সিদ্ধান্ত ল'ব । ইয়াৰ বাবে দেশৰ ভাস্কর্য শিল্পীসকলৰ পৰামৰ্শ লোৱাৰ বাবেও তেওঁলোকক আমন্ত্রণ জনোৱা হৈছে ।

No comments