Breaking News

নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ এলেকাত বনজ সম্পদ আৰু বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে অনুমোদন দিয়া লাখ লাখ টকাৰ আঁচনিৰে ফেন্সিং দিয়াৰ নামত সংঘটিত বৃহৎ কেলেংকাৰী

 


ডিজিটেল ডেস্ক: নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ এলেকাত বনজ সম্পদ আৰু বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে অনুমোদন দিয়া লাখ লাখ টকাৰ আঁচনিৰে ফেন্সিং দিয়াৰ নামত সংঘটিত বৃহৎ কেলেংকাৰী...বন্যপ্ৰাণীসমূহৰ সুৰক্ষাৰ বাৰে বনাঞ্চল এলেকাত ফেন্সিং স্থাপন আৰু গছপুলি ৰোপণৰ কাৰণে বিগত বৰ্ষত লাখ লাখ টকাৰ অনুমোদন হৈছিল । সেই অনুসৰি মাত্ৰ কেইমাহমানৰ পূৰ্বে চাৰিদুৱাৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ গামানিৰ সমীপৰ পৰা ঢাৰিকাটি চাৰিআলিলৈ বালিপৰা আৰু টাৱাং সংযোগী পথৰ দুয়োকাষে শালবাৰীত বন বিভাগে লাখ লাখ টকাৰ আঁচনিৰে শ শ পকী খুঁটা পুতি ফেন্সিং স্থাপন কৰিছিল । কিন্তু দুর্ভাগ্যজনক বিষয়টো হ'ল আঁচনিখন ৰূপায়ণ কৰাৰ ক্ষেত্ৰত বিষয়া কৰ্মচাৰীয়ে ব্যাপক দুর্নীতি - অনিয়ম সংঘটিত কৰাৰ ফলতে ফেন্সিংসহ শ শ পকী খুঁটা এফালৰ পৰা গুৰিতে ' ভাগি বাগৰি পৰে । বনাঞ্চলৰ ভিতৰলৈ বৃহৎ এলেকাত ২০২২ বৰ্ষত বন বিভাগৰ এই আঁচনিখন ৰূপায়ণ হৈছিল । ফেন্সিং স্থাপনৰ আঁচনি ৰূপায়ণত সংঘটিত ব্যাপক দুর্নীতি অনিয়মৰ বিৰুদ্ধে ৰাইজে অতিশীঘ্ৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে ।  প্ৰতি বছৰে অঞ্চলটোত দুর্বৃত্তই নিশাতো বাদেই , দিনতেই অগ্নিসংযোগ কৰি বনাঞ্চলখনৰ বনজ সম্পদৰ লগতে বন্যপ্ৰাণীৰো বিক্তৰ ক্ষতি কৰি আহিছে । অভিযোগমতে অগ্নিসংযোগৰ ফলত গছ গছনি ধ্বংস হোৱাৰ উপৰি বৃহৎসংখ্যক পখিলা , পোক পতংগ আৰু চৰাই - চিৰিকটিৰো মৃত্যু হৈ আহিছে ।

No comments