Breaking News

ৰাজ্যসভাত ড’নাৰ মন্ত্ৰী জি কিষাণ ৰেডিড্ড অসমীয়া ভাষাক ধ্রুপদী ভাষাৰ মৰ্যাদা প্ৰদানৰ বিষয়টো সাংস্কৃতিক মন্ত্ৰালয়ৰ বিবেচনাধীন

 


ডিজিটেল ডেস্ক: ৰাজ্যসভাত ড’নাৰ মন্ত্ৰী জি কিষাণ ৰেডিড্ড অসমীয়া ভাষাক ধ্রুপদী ভাষাৰ মৰ্যাদা প্ৰদানৰ বিষয়টো সাংস্কৃতিক মন্ত্ৰালয়ৰ বিবেচনাধীন...অসমীয়া ভাষাক ধ্রুপদী ভাষাৰ মৰ্যাদা প্ৰদানৰ বিষয়টো সাংস্কৃতিক মন্ত্ৰালয়ৰ বিবেচনাধীন হৈ আছে ।  ৰাজ্যসভাত এটা প্ৰশ্নৰ উত্তৰত সাংস্কৃতিক , পর্যটন তথা ড'নাৰ মন্ত্ৰী জি কিষাণ ৰেড্ডিয়ে এই কথা প্রকাশ কৰে । তেওঁ কয় যে ধ্রুপদী ভাষাৰ মৰ্যাদা লাভৰ বাবে নির্দিষ্ট কৰা নিয়মৰ অধীনত ইয়াক পৰীক্ষা কৰি থকা হৈছে । অসমীয়াৰ লগতে মাৰাঠী , পালি - প্রাকৃত , বাংলা , মণিপুৰী , সিন্ধি আৰু মৈথিলী ভাষাক ধ্রুপদী ভাষাৰ মৰ্যাদা দিয়াৰ বাবে চৰকাৰে আবেদন লাভ কৰিছে....শেহতীয়াকৈ সাংসদ পবিত্র মাৰ্ঘেৰিটাই ৰাজ্যসভাত অসমীয়া ভাষাক ধ্রুপদী ভাষাৰ মৰ্যাদা প্ৰদানৰ দাবী জনাই ধ্রুপদী ভাষাৰ মর্যাদা লাভ কৰাৰ কাৰণে অসমীয়া ভাষাৰ সকলো গুণ আছে বুলি কৈছিল । প্রায় ২৩ নিযুত লোকে ব্যৱহাৰ কৰা অসমীয়া এটা প্রাচীন ভাষা হিচাপে উল্লেখ কৰি তেওঁ লগতে এইক্ষেত্ৰত ৰাজ্য চৰকাৰে বিদ্যায়তনিক দিশত পদক্ষেপ গ্ৰহণ কৰিছে বুলি কৈছিল ।

No comments