Breaking News

ষ্টেট বেংকেই আদানি গ্রুপক দিছিল ২১ হেজাৰ কোটিৰ ঋণ এল আই চিয়ে প্রকাশ কৰিলে ৩৫ হেজাৰ কোটি বিনিয়োগৰ তথ্য



ডিজিটেল ডেস্ক: ষ্টেট বেংকেই আদানি গ্রুপক দিছিল ২১ হেজাৰ কোটিৰ ঋণ এল আই চিয়ে প্রকাশ কৰিলে ৩৫ হেজাৰ কোটি বিনিয়োগৰ তথ্য....  মার্কিন প্রতিষ্ঠান হিণ্ডেনবার্গ ৰিছাৰ্চে পুঁজিপতি গৌতম আদানিৰ বিৰুদ্ধে ফাদিল কৰা শ্বেয়াৰ মার্কিন প্রতিষ্ঠান হিণ্ডেনবাৰ্গ ৰিছাৰ্চে পুঁজিপতি গৌতম আদানিৰ বিৰুদ্ধে ফাদিল কৰা শ্বেয়াৰজালিয়াতিয়ে জোকাৰি গৈছে দেশৰ বৃহৎ বিনিয়োগকাৰী বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ক্ষুদ্র বিনিয়োগকাৰীলৈকে ।  দ্বিতীয় দফাৰ শ্বেয়াৰ অৰ্থাৎ এফ পি অ ' বিক্ৰীৰ পৰা আদানি গ্রুপে পশ্চাদগমন কৰাৰ পাচতে ৰিজাৰ্ভ বেংকৰ এই তৎপৰতাই বিশেষ তাৎপর্য বহন কৰিছে । ছুইজাৰলেণ্ডৰ আন্তর্জাতিক বিনিয়োগকাৰী ক্রেডিট ছুইছে তেওঁলোকৰ ব্যক্তিগত বেংকিং গ্ৰাহকসকলৰ মার্জিন ঋণৰ জামানত হিচাপে আদানি গ্ৰুপৰ কোম্পানীসমূহৰ বণ্ড গ্ৰহণ কৰাটো বন্ধ কৰাৰ পাচত আমেৰিকাৰ চিটি গ্ৰুপৰ সম্পদ ইউনিট আদানি গ্ৰুপৰ কোম্পানীসমূহৰ ছিকিউৰিটিজ জামানত ৰাখি তেওঁলোকৰ গ্ৰাহকসকলৰ মার্জিন ঋণ বন্ধ কৰি দিছে ।আদানি গ্ৰুপৰ কোম্পানীসমূহৰ মুঠ ঋণৰ পৰিমাণ ২ লাখ কোটি টকাতকৈও অধিক । ভাৰতীয় ষ্টেট বেংকে এতিয়ালৈকে প্ৰকৃততে কিমান ধন গৌতম আদানি নেতৃত্বাধীন কোম্পানীসমূহক ঋণ দিছে তাক ৰাজহুৱা কৰা নাই যদিও এক সূত্ৰৰ মতে দেশৰ বৃহত্তম বাণিজ্যিক বেংকটোৱে ২১ হেজাৰ কোটি টকা ঋণ দি থৈছে আদানি গ্রুপক । পাঞ্জাব নেচনেল বেংকৰ ঘোষণামতে বেংকটোৱে আদানি গ্রুপক ৭ হেজাৰ কোটি টকাৰ ঋণ প্রদান কৰিছে । আদানি গ্ৰুপত বৃহৎ পৰিমাণৰ বিনিয়োগ আছে ইণ্ডাছইণ্ড বেংকৰ । দেশৰ বৃহত্তম জীৱন বীমা কোম্পানী ভাৰতীয় জীৱন বীমা নিগমৰ আদানি গ্ৰুপত বিনিয়োগৰ পৰিমাণ ৩৫ হেজাৰ কোটি টকা । ২০২২ চনৰ ৩০ ছেপ্টেম্বৰৰ হিচাপমতে জীৱন বীমাৰ সম্পত্তিৰ পৰিমাণ ৪১ লাখ ৬৬ হেজাৰ কোটি টকা ।

No comments