Breaking News

জীৱনৰ ডায়েৰীত আৰু এটা নতুন অধ্যায়~ চৌবিশতম খণ্ড




                                                                                                    মালবিকা শৰ্মা, ভুবনেশ্বৰ

  কালি অতি সুন্দৰকৈ ঘৰত গনপতি(গনেশ) পূজা পালন কৰিলোঁ। আগতে আলোচনা কৰা মতেই পুৱা ঠিক ন বজাত শ্ৰীযুত পাই আৰু তেওঁৰ শ্ৰীমতীয়ে পুৰোহিত দুগৰাকীক লৈ আহি উপস্থিত হ’ল। ভাৰা ঘৰত আছোঁ যিহেতু পূজাৰ সা-সৰঞ্জাম লগত একো ৰখা নাই। সেয়ে তেওঁলোকক সকলো দৰকাৰী বস্তু লৈ আহিবলৈ কৈছিলোঁ। সঁচাকৈয়ে পূজাত দৰকাৰ হ’বলগীয়া সকলো বস্তুৰ সৈতে তেওঁলোক অহা দেখি মনটো বৰ ভাল লাগিল। খাটি কংকনী ভাষাৰে প্ৰধান পুৰোহিত গৰাকীয়ে মোৰ সৈতে পূজা সম্পৰ্কীয় কথা পাতিবলৈ আৰম্ভ কৰাত শ্ৰীযুত পাই আৰু শ্ৰীমতীয়ে কথাখিনি হিন্দি ভাষাত মোক অনুবাদ কৰি দিব ধৰিলে।

     স্পষ্ট সংস্কৃত শব্দ তথা শ্লোকেৰে অতি সুন্দৰকৈ কৰা গনেশ পূজাৰ মন্ত্ৰো উচ্চাৰনত মোৰ ঘৰটো যেন আলোড়িত হৈ উঠিল। ধুপ, চন্দন, ফুলৰ সুবাসেৰে ঘৰটো এক যোগাত্মক শক্তিৰে ভৰি পৰিল। তলত বহিব নোৱাৰো বাবে মই মুঢ়াত বহি লৈ পূজা কৰিলোঁ। ইয়াৰে পৰম্পৰা অনুসৰি পাইৰ শ্ৰীমতীয়ে মোৰ খোপাত সৰু সৰু ফুলেৰে গুঠা মালা এদাল গুজি দি, দুগালত কানৰ পিনে হালধীৰ ফোট দিলে, কপালত সেন্দুৰৰ ফোট দিলে। মোৰ দুহাতত ফুল অলপ দিলে আৰু তেওঁকো অনুৰূপ কৰিবলৈ দিলে। কৰিলো, নতুন নিয়মবোৰ ভালেই লাগিল। সুন্দৰ সুচাৰুৰূপে পূজা পাতি, দান দক্ষিনা লৈ সন্তুষ্ট মনেৰে দুই পুৰোহিতে বিদায় ল’লে। মোৰ হাতৰ চাহ কাপ শ্ৰীযুত পাইৰ অতি প্ৰিয় বাবে তেওঁক চাহ বনাই খোৱালো। তেওঁৰ শ্ৰীমতীয়ে কফি ভাল পাই বাবে কফি খালে। আমাৰ ঘৰুৱা সদস্য যেন হৈ অহা দৰ্জী জনীক প্ৰসাদ খাবলৈ মাতিছিলোঁ। তায়ো অতি আগ্ৰহেৰে ফল-ফুল ধৰি গিৰিয়েকৰ সৈতে পূজা লৈ আহিল। সকলোৱে মিলি প্ৰসাদ খালো। ইয়ালৈ অহাৰ পিছত এই প্ৰথমবাৰৰ বাবে এইটো ঘৰত ইমান মানুহৰ সমাগম হ’ল।

    ল’ৰাটোৰ ক্লাচ আছিল বাবে পূজা চলি থকাৰ সময়ত সি উপস্থিত থাকিব নোৱাৰিলে। হ’লেও  ক্লাচ চলি থকাৰ মাজতে এবাৰ আহি সেৱাটো কৰি প্ৰসাদ খাই আকৌ গ’ল। এইপিনে  খুৰাৰ ঘৰত নাতিনী জন্ম হোৱাত অশৌচ লগাত মায়েও পূজাত লাগি দিব নোৱাৰিলে। চেয়াৰ এখনত বহি প্ৰথমৰপৰা শেষলৈ গোটেই পূজাখন মায়ে অতি তৃপ্তি সহকাৰে উপভোগ কৰিলে। পূজাৰ মাজতে ভিডিঅ কল কৰি শ্ৰীমানকো পূজাৰ ভাগ দিলোঁ। ছোৱালীৰো ক্লাচ শেষ হোৱাৰ পিছত ভিডিঅ কল কৰোতে সুন্দৰকৈ সজাই থোৱা ঠাপনাখন দেখুৱাই দিলোঁ।        

      মই বৰ বেছিকৈ পূজা পাতল নকৰোঁ যদিও কৰাৰ দিনাখন মনটো খুব ভাল লাগি থাকে। কালি পূজা বুলি ৰাতিপুৱাৰ পৰা কাম কিছু কৰিবলগীয়া হোৱাত সন্ধিয়াৰ পৰা ভৰি দুখনৰ বিষত থাকিব নোৱাৰা হ’লো। শোভাই ৰাতিপুৱা সোনকালে আহি ঘৰটো সাৰি মুচি চাফ কৰি গৈছিল। পিছত দুপৰীয়া আহি প্ৰসাদ খালে, কামত সহায়ো কৰিলে। তাই নথকা মাজৰ সময়চোৱাত ইফাল সিফাল হৈ কাম কৰি থাকোতে একো গম পোৱা নাছিলো। পিছতহে ৰাতিৰ পিনে ভৰি দুখন লৰাব নোৱাৰা অৱস্থা হ’ল। (আগলৈ) 

No comments