Breaking News

ধুবুৰীত মেট্ৰিক পৰীক্ষা দিবলৈ যোৱা ছাত্ৰ-ছাত্ৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্থ হৈ আঘাতপ্ৰাপ্ত হয় পাঁচ পৰীক্ষাৰ্থী।

ধুবুৰীৰ A M Co. ৰোডত এখন AS-01-EF-4732 নম্বৰৰ ছুইফ্ট ডিজাৰ বাহনে আন এখন ই-ৰিক্সক মুখামুখি খুন্দিওৱাৰ ফলত গুৰুতৰ আঘাতপ্ৰাপ্ত হয় ই-ৰিক্সখনত থকা পাচঁ গৰাকিকৈ মেট্ৰিক পৰীক্ষাৰ ছাত্ৰ-ছাত্ৰী।

ইয়াৰে দুগৰকী গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয় তাৰে এজন ৱাছিম আক্ৰম বুলি জনা গৈছে। পিছত দুয়োকে ধুবুৰী মেডিকেল কলেজত চিকিৎসাৰ বাবে লৈ গৈ চিকিৎসা কৰাই আকৌ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হয়।

আন তিনিজন ছাত্ৰৰ আঘাত সামান্য হোৱাত তেওঁলোকো পৰীক্ষাত অৱতীৰ্ণ ‌হয়।

উক্ত ঘটনাত ই-ৰিক্সা চালকো গুৰুতৰ ভাবে আহত হয়। 

No comments