Breaking News

দুখ প্ৰকাশেৰে বিতর্ক সামৰাৰ চেষ্টা বাংলা সাহিত্য সভাৰ

বাংলা সাহিত্য সভাৰ অধিৱেশনত বিশিষ্ট অতিথিসকলক বিজতৰীয়া গামোচাৰে সম্বৰ্ধনা জনাই সম্প্ৰীতিৰ নিদৰ্শন দেখুওৱাৰ চেষ্টাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি সৃষ্টি হোৱা তীব্ৰ প্ৰতিক্ৰিয়াৰ ‌আৰু ক্ষোভৰ জুই ক্ৰমাৎ স্তিমিত হৈছে। ইয়াৰ কাৰণ এয়ে যে বাংলা সাহিত্য সভা, অসমে এই সমগ্র ঘটনাৰ বাবে দুখ প্ৰকাশ কৰিছে আৰু অনাগত দিনত এনেধৰণৰ ঘটনা যাতে আৰু সংঘটিত নহয়,তাৰ প্ৰতি সচেতন হৈ থাকিব বুলি অসমৰ ৰাইজক প্রতিশ্রুতি দিছে। এয়া নিঃসন্দেহে এটা সুখবৰ। উল্লেখযোগ্য যে এই সমগ্র ঘটনাৱলীত নাম জড়িত হৈ পৰা বিশিষ্ট সাহিত্যিক- সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীয়ে প্রথমে বাংলা সাহিত্য সভাৰ সমন্বয় সৃষ্টিৰ প্ৰয়াসত সমর্থন জনাইছিল যদিও পৰৱৰ্তী সময়ত শৰ্মা পূজাৰীয়ে এইবুলি স্থিতি স্পষ্ট কৰে যে যিহেতু এই ঘটনাটোৱে বিতৰ্কৰ সৃষ্টি কৰিছে, গতিকে বাংলা সাহিত্য সভাই বিষয়টো ইমানতে শেষ কৰা উচিত। ইফালে, বাংলা সাহিত্য সভাৰ মঞ্চত উপস্থিত থাকি বিজতৰীয়া গামোচা উপহাৰ লৈ অসমীয়া আৰু বাঙালীৰ সম্প্ৰীতি সন্দৰ্ভত উদাত্তকণ্ঠে ভাষণ দিয়া অসম সাহিত্য সভাৰ সভাপতি সূর্য হাজৰিকাই পৰৱৰ্তী সময়ত সুবিধাজনক স্থিতি গ্রহণ কৰি গোটেই বিষয়টো অস্পষ্ট কৰি দিয়ে। আনহাতে, বিশিষ্ট অভিনেতা প্রাঞ্জল শ‍ইকীয়াই প্ৰথমাৱস্থাত বিজতৰীয়া গামোচাৰ সমৰ্থনত যুক্তি আগবঢ়াইছিল যদিও পৰৱৰ্তী সময়ত অসমৰ ৰাইজৰ ক্ষোভ আৰু প্রতিক্রিয়া দেখি পৰৱৰ্তী সময়ত নিৰৱতা অৱলম্বন কৰে। সাংস্কৃতিক মন্ত্রী বিমল বৰাই ডেৰ বছৰ পূৰ্বে শিলচৰত বিজতৰীয়া গামোচা উপহাৰ লোৱাৰ কথা স্বীকাৰ কৰিও সেই সময়তে তেওঁ তাৰ প্রতিবাদ কৰিছিল বুলি কোৱাৰ বিপৰীতে বিজতৰীয়া গামোচাৰ আন এজন বিশিষ্ট সমর্থক শিক্ষামন্ত্ৰী ৰণোজ পেগুৱেও পৰৱৰ্তী সময়ত বিষয়টো সন্দৰ্ভত মৌনতা অৱলম্বন কৰে। ইফালে, বাংলা সাহিত্য সভাই গোটেই বিতৰ্কৰ ওৰ পেলাবৰ বাবে প্ৰেৰণ কৰা বিবৃতিটোত এই কথা স্পষ্ট হৈ পৰিছে যে এই সমগ্র অনাহুত ঘটনাৱলীৰ 'ডিজাইনাৰ ' বহুবিতর্কিত বিজেপি নেতা শিলাদিত্য দেৱ। এই সম্পর্কে ব্যাখ্যা আগবঢ়োৱাৰ সলনি আমি বাংলা সাহিত্য সভাৰ বিবৃতিটো পুনৰ পঢ়ুৱৈসকলৰ বাবে আগবঢ়াইছোঁ। বাংলা সাহিত্য সভা, অসমৰ কার্যকৰী সভাপতি খগেন চন্দ্ৰ দাস আৰু সাধাৰণ সম্পাদক ড° প্রশান্ত চক্ৰৱতীয়ে 'আমাৰ অসমলৈ প্ৰেৰণ কৰা বিবৃতিটো এনেধৰণৰ — বাংলা সাহিত্য সভা, অসমৰ প্ৰথম ৰাজ্যিক প্রতিনিধি সম্মিলন উপলক্ষে অতিথি-সম্বৰ্ধনাৰ ক্ষেত্ৰত অসমীয়াৰ ফুলাম গামোচাৰ সৈতে বাঙালী সমাজৰ মঙ্গল-ঘট আৰু উৎসবাদিত ব্যৱহৃত গামোচা যোগ কৰি নতুনকৈ এখন সম্বৰ্ধনা বস্ত্ৰ প্ৰস্তুত কৰা হৈছিল। এই সম্বর্ধনা-বস্তু আমি সৃষ্টি কৰা নহয়। আমাৰ উদযাপন সমিতিৰ, অভ্যর্থনা উপ- সমিতিৰ উঠি অহা প্ৰজন্মৰ কিছুসংখ্যক সদস্যই সামাজিক মাধ্যমৰ এখন ছবিৰ পৰা এই আৰ্হি গ্ৰহণ কৰিছিল। এইখন ছবি ডেৰ বছৰমানৰ পুৰণি। শিলচৰৰ এক অনুষ্ঠানত কোনোবা সংগঠনে সাংস্কৃতিকমন্ত্রীক এইখন দিয়াৰ ফটো আছিল, কার্যত শিলাদিত্য দেবো আছে। তেওঁ অসমৰ ভাষিক উন্নয়ন পৰিষদৰ অধ্যক্ষ হিচাপে আমাৰ পৃষ্ঠপোষক। সেয়েহে তেওঁৰ সন্মতি গ্ৰহণ কৰি এইখন প্ৰস্তুত কৰা হৈছিল। যোৱা ডেৰ বছৰ ধৰি এই বিষয়ে কোনো প্রতিক্রিয়া হোৱা নাছিল। এইবাৰ হৈছে, সেয়েহে আমি বৰ বিব্ৰত অনুভৱ কৰিছোঁ। আনৰ বস্তু গ্রহণ কৰিবলৈ গৈ এক বিভ্ৰান্তি আৰু বিতৰ্কৰ জন্ম হ'ল। এয়া আমাৰ ইচ্ছাকৃত নহয়, কাম্যও নহয়। আমি কোনো বেয়া উদ্দেশ্য আগত ৰখা নাছিলোঁ। তথাপি অসমৰ একাংশ ৰাইজে বিষয়টো গ্ৰহণ নকৰিলে । অজানিতে যদি আমি আঘাত দিছোঁ, সেইবাবে আমি আন্তৰিকভাৱে দুখ প্ৰকাশ কৰিছোঁ আৰু অহা দিনত যাতে এনেধৰণৰ পৰিস্থিতি নাহে, এই সম্পর্কে আমি সচেতন থাকিম। আমাৰ মঞ্চৰ এফালে আছিল। শ্রীচৈতন্যদেৱৰ ছবি, আনফালে শ্রীমন্ত শংকৰদেৱৰ ছবি। আছিল ৰবীন্দ্ৰনাথ আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ ছবি। আমি উদ্বোধনী অনুষ্ঠানৰ প্রথমেই গাইছিলোঁ ৰবীন্দ্ৰনাথৰ 'ও আমাৰ দেশের মাটি', আৰু শেষত লক্ষ্মীনাথ বেজবৰুৱাৰ 'অ' মোৰ আপোনাৰ দেশ। এফালে বিহু, আনফালে ধামাইল নৃত্য। আমি বৰাক-ব্ৰহ্মপুত্ৰৰ সমন্বয়ৰ বাবে আপ্রাণ চেষ্টা কৰিছিলোঁ। মুক্তমনেৰে। মনত দুখ লাগিছে এনে এক অপ্রীতিকৰ অনাহুত বিতৰ্কৰ সূচনা হোৱা দেখি। এই বিতৰ্কৰ ইয়াতে সমাপ্তি হওক আৰু আমাৰ মাজত আহিবলগীয়া দিনবোৰত অধিক মিলন-সম্প্ৰীতিৰ পৰিৱেশ গঢ়ি উঠক, সেই কামনা কৰিছোঁ।'

No comments