Breaking News

অসমত অব্যাহত চুবুৰীয়া ৰাজ্যৰ আগ্ৰাসন: বিধানসভাত তথ্য প্ৰকাশ মন্ত্রী অতুল বৰাৰ

আঞ্চলিক কমিটীৰ দ্বাৰা সীমা বিবাদ নিষ্পত্তি কৰিবলৈ প্রচেষ্টা অব্যাহত ৰাখিলেও অসমৰ মাটিত চুবুৰীয়া ৰাজ্যৰ আগ্রাসন চলিয়েই আছে। চুবুৰীয়া ৰাজ্য মেঘালয়, মিজোৰাম, নগালেণ্ড আৰু অৰুণাচলে আৰক্ষীৰ শিবিৰ, গির্জা, বিদ্যালয় স্থাপন কৰাৰ লগতে পথ আদি নিৰ্মাণ কৰিছে, কিন্তু ইয়াৰ বিপৰীতে কেন্দ্ৰৰ নিৰ্দেশত হাত সাবটি স্থিতাৱস্থা বাহাল ৰাখিছে অসম চৰকাৰে। উল্লেখযোগ্য যে মেঘালয় আৰু অৰুণাচলৰ লগত থকা সীমা বিবাদ নিষ্পত্তি কৰিবলৈ দুয়োখন চৰকাৰৰে মন্ত্ৰীসকলৰ নেতৃত্বত আঞ্চলিক কমিটী গঠন হৈছে। মেঘালয়ৰ লগত থকা ৬টা বিবদমান স্থানৰ ক্ষেত্ৰত মীমাংসাত দুয়োখন ৰাজ্য উপনীত হৈছে। অৰুণাচলৰ লগত আঞ্চলিক কমিটীৰ বৈঠক অনুষ্ঠিত হৈ আছে। নগালেণ্ডৰ লগত থকা সীমা বিবাদ নিষ্পত্তিৰ বাবে উচ্চতম ন্যায়ালয়ত থকা গোচৰ ৰায়দানৰ বাবে অপেক্ষা কৰা হৈছে। সীমা বিবাদ আলাপ-আলোচনাৰে মীমাংসা কৰিবলৈ অসমে বিচাৰিছে যদিও চুবুৰীয়া ৰাজ্যই  ইয়াৰ বিপৰীতে বেদখল অব্যাহত ৰখাৰ তথ্য আজি বিধানসভাত সদৰী হ'ল। এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামৰ এটা প্ৰশ্নৰ উত্তৰত সীমান্ত সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰী অতুল বৰাই দিয়া তথ্যত অসমৰ মাটিত চুবুৰীয়া ৰাজ্যৰ বেদখলৰ হৈ থকাৰ কথা স্পষ্ট হৈ পৰিল। মন্ত্ৰী বৰাই কয় যে ২০২০ চনত মিজোৰামৰ আগ্ৰাসনৰ ফলত হোৱা গণ্ডগোলৰ সময়তে মিজোৰামে অসমৰ কৰিমগঞ্জৰ ৰাতাবাৰী থানাৰ অন্তৰ্গত ডুবিৰবন্দ বিবাদমান এলেকাত মিজো সশস্ত্ৰ আৰক্ষীৰ এটা শিবিৰ স্থাপন কৰে। বাজাৰীচেৰা থানাৰ অন্তৰ্গত মেধলীটো বিবাদমান ভূমিত মিজো আৰক্ষীয়ে আন এটা শিবিৰ স্থাপন কৰে। তদুপৰি মিজোৰামৰ লগত লগ হৈ কাছাৰ ফৰেষ্ট ডিভিজনত প্ৰৱেশ কৰি খুলিচেৰা বনগাঁৱত এটা অস্থায়ী শিবিৰ পাতিছে আৰু ধলাইখালৰ ৰেংটি টিলাত অসমৰ সীমাত ৰাস্তা নিৰ্মাণ কৰিছে। কেৱল সেয়াই নহয়, আঞ্চলিক কমিটীয়ে সীমা বিবাদ নিষ্পত্তিৰ বাবে প্ৰচেষ্টা চলাই আছে, কিন্তু অৰুণাচলে চৰাইদেউ জিলাৰ সাপেখাতী ৰাজহ চক্ৰত জৰীপ নোহোৱা গাঁৱত বিদ্যালয়, গির্জা স্থাপন কৰাৰ তথ্য মন্ত্ৰী বৰাই সদনত দাখিল কৰে। উল্লেখযোগ্য যে পশ্চিম কাৰ্বি আংলং জিলাৰ মুক্ৰ' মেঘালয় চৰকাৰৰ মাটি বুলি দাবী কৰাৰ লগতে আৰক্ষী শিবিৰ স্থাপন কৰিছে বুলি জানিব পৰা গৈছে। মন্ত্ৰী বৰাই উত্তৰত আৰু কয় যে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুমিয়ে সীমান্তত জুপুৰি ঘৰ দেখি ঘৰবোৰ উঠাই দিবলৈ চেষ্টা কৰাৰ সময়ত তেওঁক নগা দুৰ্বৃত্তই ধমক দিয়ে। নগা দুৰ্বৃত্তই গুলীচালনা কৰা ঘটনাও সংঘটিত হৈছিল। বৰাই দিয়া তথ্য মতে, মিজোৰামে অসমৰ ৩৬৭৫.৭৮ হেক্টৰ, মেঘালয়ে ৩৪৪১.৮৬ হেক্টৰ, অৰুণাচলে ১৬১৪৪ হেক্টৰ আৰু নগালেণ্ডে ৫৯৪৯০ হেক্টৰ মাটি বেদখল কৰি আছে। যোৱা তিনিটা বছৰত পশ্চিম কাৰ্বি আংলঙত এল পি স্কুল, গৰুৰ গোহালি আদিত অগ্নিসংযোগৰ দৰে ঘটনা সংঘটিত হোৱাৰ কথাও তেওঁ উল্লেখ কৰে। তেনেদৰে মিজোৰাম সীমান্তত ৬জন অসম আৰক্ষী নিহত হোৱাৰ লগতে আৰক্ষী অধীক্ষকসহ ৬৪জন আৰক্ষী আহত আৰু ১৪জন সাধাৰন লোক আহত হৈছিল। চুবুৰীয়া ৰাজ্যৰ আগ্ৰাসনৰ ফলত বনাঞ্চলৰ গছ-গছনি কাটি তহিলং কৰা, অস্থায়ী পামঘৰত আৰক্ষীয়ে ৩০জন আই আৰ বেটেলিয়ন জোৱানৰ অগ্নিসংযোগৰ ঘটনাৰ কথাও স্বীকাৰ কৰে মন্ত্ৰী অতুল বৰাই। 

No comments