Breaking News

শিৱসাগৰৰ আমগুৰি হাতীঘুলি শিলপুখুৰী অঞ্চলৰ ৰাইজে যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা দুৰ্ভোগত ভুগিছে

উন্নয়নৰ নামত ঢাক ঢোল বজোৱা বিজেপি চৰকাৰৰ দিনতো পথৰ দুৰৱস্থাই জ্বলা ক'লা খুৱাইছে গাঁওবাসী ৰাইজক

প্ৰতিশ্ৰুতিৰে শাসনৰ মচনদ দখল কৰা বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনৰ দিনত শিৱসাগৰৰ অামগুৰি হাতীঘুলি শিলপুখুৰী অঞ্চলৰ ৰাইজে যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা দুৰ্ভোগ ভুগিবলগীয়া হৈছে । হাতীঘুলি শিলপুখুৰী অঞ্চলৰ পথটো বিগত কংগ্ৰেছ শাসনৰ সময়ৰ পৰা বৰ্তমানৰ বিজেপি চৰকাৰৰ দিনতো পথটো সামান্য এজাক মুষুলধাৰ বৰষুণৰ ফলত চাৰিওফালে বোকাময় পৰিৱেশৰ সৃষ্টি হৈ পৰে । বৃহত্তৰ অঞ্চলৰ পঞ্চায়তৰ অধীনৰ লগতে ৰাইজে বিভিন্ন ঠাইলৈ যাতায়ত কৰিবলগা হয় । এই পথটোৱেদি কেইবাখনো আগশাৰীৰ শিক্ষানুষ্ঠান, কলাকৃস্তি, ধৰ্মীয় অনুষ্ঠান,  ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠানৰ পৰা আৰম্ভ কৰি বিভিন্ন চৰকাৰী কৰ্মচাৰীয়ে যাতায়াতৰ কৰে । পথটি দুৰ্গমৰ হোৱাৰ বাবে যাতায়াত ক্ষেত্রত বিগত কংগ্ৰেছ শাসনৰ সময়ছোৱাৰ পৰা আজি পর্যন্ত দুৰ্ভোগ ভুগিবলগীয়া হৈছে ৰাইজে । স্বাধীনতা হোৱাৰ পিছৰ পৰা বিগত বছৰ বছৰ ধৰি বৰ্তমানলৈকে পথটিৰ যাতায়ত ক্ষেত্ৰত যমৰ যান্ত্ৰণা ভোগ কৰি অতিবাহিত কৰিছে গাঁওবাসী ৰাইজে । তদুপৰি জৰুৰীকালীন ৰোগীক নিবলৈ, ছাত্ৰ-ছাত্ৰী বিদ্যালয়লৈ যাবলৈ, কৰ্মচাৰী অাৰু ব্যৱসায়ী আদিকে ধৰি গাঁৱবাসীৰ সকলোৱে পথৰ দুৰৱস্থাৰে অতি কষ্টৰে বিপদ সংকুল ভাৱে পাৰ হ'ব লগীয়াত ক্ষোভিত হৈ পৰিছে ৰাইজ । বিশেষকৈ স্বাস্থ্য ৰোগীৰ ক্ষেত্রতো  চিকিৎসালয়লৈ নিয়াৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈ থকা বুলি গাঁৱবাসী ৰাইজে সংবাদ-মাধ্যমত অৱগত কৰিছে । কোনো এখন চৰকাৰে তথা বিভাগীয় কৰ্তৃপক্ষই গাঁও পঞ্চায়ত, জন প্ৰতিনিধি, বৰমুৰীয়া সকলৰ দীৰ্ঘদিনীয়া গুৰুত্বৰ সমস্যা সমাধানত কাৰোৰে যেন দৃষ্টিগোচৰ হোৱা নাই । এই পথটিৰ উন্নয়নৰ নামত জৰাজীৰ্ণ পথটিৰ দুৰ্যোগৰ পৰা উপশম পাবলৈ সক্ষম হোৱা নাই । বাৰিষা কালতো একমাত্ৰ যাতায়াতৰ স্থল পথটিৰ দুৰ্যোগকলৈ সমাধান কৰিম বুলি নিৰ্বাচনৰ সময়ত  ভোট ভিক্ষা কৰা পঞ্চায়তৰ জনপ্ৰতিনিধি আৰু সমষ্টিৰ বিধায়কে দিছপুৰ যোৱাৰ লগে লগে পাহৰণি গৰ্ভত বিলীন হৈ যায় । শিৱসাগৰৰ আমগুৰি সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ হাতিঘুলি শিলপুখুৰী অঞ্চলৰ লগতে যাতায়াত দৈনিক যাতায়াত কৰা ৰাইজৰ বিননি শুনিবনে নৱগঠিত চৰকাৰখনে ? চৰকাৰৰ উন্নয়নৰ কথা কোৱা জনপ্ৰতিনিধি তথা গ্ৰামোন্নয়ন পঞ্চায়তৰ বিভাগে কেতিয়া সময় পাব ভুক্তভোগী গাঁওৱাসীৰ  সমস্যা সমাধান কৰিবলৈ । ইয়াকে লৈ ভুক্তভোগী ৰাইজে ক্ষোভিত হৈ পৰাৰ লগতে  চৰকাৰ তথা জিলা প্ৰশাসন আৰু বিভাগীয় কৰ্তৃপক্ষক পথটিৰ দুৰ্ভোগৰ পৰা উদ্ধাৰ পাবলৈ সংবাদ- মাধ্যমৰ যোগেদি অসম চৰকাৰক দৃষ্টিগোচৰ কৰিব বিচাৰিছে । 

No comments