Breaking News

Gpay, PhonePe, Paytm কৰাসকলৰ বাবে বেয়া খবৰ। লেনদেন কৰিলেই ভৰিব লাগিব ধন।



দেশৰ জনসাধাৰণৰ ওপৰত আন এক মাধমাৰ সোধাবলৈ গৈছে মোডী চৰকাৰ। অহা ১ এপ্ৰিলৰ পৰা ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেচ চমুকৈ ইউ.পি.আইৰ জৰিয়তে (Gpay, Phone pay, Paytm, Bharatpay, ইত্যাদিৰ) ২০০০ টকাতকৈ অধিক পেমেণ্ট কৰিলে ভৰিব লাগিব ১.১% ধন। ভাৰতীয় ৰাষ্ট্ৰীয় পৰিশোধ নিগমে  জাননী দিছে যে ১ এপ্ৰিলৰ পৰা ব্যৱসায়ী ইউ.পি.আই. লেনদেনত ১.১ শতাংশলৈকে বিনিময় মাচুল প্ৰযোজ্য হ'ব। 

এক শেহতীয়া বিজ্ঞপ্তিত, এন.পি.চি.আই.-য়ে কৈছিল যে ইউ.পি.আই.-ৰ জৰিয়তে লেনদেনৰ বাবে প্ৰিপেইড পেমেণ্ট ইনষ্ট্ৰুমেণ্ট (পি.পি.আই.) ব্যৱহাৰ কৰিলে এক বিনিময় মাচুল ভৰিব লাগিব। যদি লেনদেনটো ২০০০ টকাৰ অধিক হয় তেন্তে মাচুল আৰোপ কৰা হ'ব।

এইক্ষেত্ৰত টেলিকম, শিক্ষা, আৰু ইউটিলিটি/ডাকঘৰৰ বাবে, বিনিময় মাচুল হৈছে ৯.৭%, আনহাতে চুপাৰমাৰ্কেটৰ বাবে মাচুল হৈছে লেনদেনমূল্যৰ ০.৯%। বীমা, চৰকাৰ, মিউচুৱেল ফাণ্ড আৰু ৰেলৱেৰ বাবে ১% মাচুল আৰোপ কৰা হ'ব, ইন্ধনৰ বাবে ০.৫%, আৰু কৃষিৰ বাবে ০.৭, মাচুলসমূহ ১ এপ্ৰিলৰ পৰা প্ৰযোজ্য হ'ব। পিয়েৰ-টু-পিয়াৰ আৰু পিয়েৰ-টু-পিয়াৰ-মাৰ্চেণ্ট  লেনদেনৰ ক্ষেত্ৰত বিনিময় প্ৰয়োগ কৰা নহ'ব।

No comments