Breaking News

দীপৰ বিলৰ ৪.১ বৰ্গ কিলোমিটাৰ এলেকা‌ হ'ব বন্যপ্ৰাণী অভয়াৰণ্য

অসম চৰকাৰৰ দীপৰ বিলৰ ৪.১ বৰ্গ কিলোমিটাৰ এলেকা বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা সিদ্ধান্ত বাহাল ৰাখিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে।অসম চৰকাৰে দাখিল কৰা এখন ৰীট আপীল আবেদনৰ শুনানি লৈ উচ্চ ন্যায়ালয়ে এই সিদ্ধান্ত বাহাল ৰাখে। উল্লেখযোগ্য যে অসম চৰকাৰে ২০০৯ চনৰ ২১ ফেব্ৰুৱাৰীত এক অধিসূচনাৰ‌ জৰিয়তে বন্যপ্ৰাণী (সুৰক্ষা)আইন,১৯৭২ ৰ অধীনত দীপৰ বিলৰ ৪.১ বৰ্গ কিলোমিটাৰ এলেকাক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰিছিল। কিন্তু চৰকাৰৰ এনে সিদ্ধান্তক প্ৰত্যাহ্বান জনাই দীপৰ বিল পাচপৰা সমবায় সমিতিয়ে উচ্চ ন্যায়ালয়ত এখন লেখ আবেদন দাখিল কৰে।সমিতিখনে আদালতক অৱগত কৰে যে দীপৰ বিলক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা প্ৰক্ৰিয়া আইনসম্মতভাৱে হোৱা নাই। তদুপৰি আৱেদনকাৰীসকলৰ পৰম্পৰাগতভাৱে মাছ ধৰাৰ অধিকাৰো বিঘ্নিত কৰা হৈছে। এনেবোৰ তথ্যৰ পিছতে উচ্চ ন্যায়ালয়ৰ এজনীয়া বিচাৰপীঠে দীপৰ বিলক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰি চৰকাৰে জাৰি কৰা অধিসূচনাসমূহ খাৰিজ কৰে।আবেদনকাৰীসকলৰ অধিকাৰ সুৰক্ষিত কৰাৰ বিকল্প ব্যৱস্থা নকৰাকে ধৰি ভিন্ন দিশ‌ পৰ্যবেক্ষণ কৰি এজনীয়া বিচাৰপীঠখনে খাৰিজ কৰে চৰকাৰৰ অধিসূচনা।ফলত এইবাৰ এজনীয়া বিচাৰপীঠৰ ৰায়ক প্ৰত্যাহ্বান জনাই অসম চৰকাৰে আদালতত দাখিল‌ কৰে ৰীট আপীল আবেদন। চৰকাৰৰ আবেদনৰ শুনানি গ্ৰহণ কৰি আদালতে লক্ষ্য কৰে যে দীপৰ বিল হৈছে আন্তৰ্জাতিক তাৎপৰ্য থকা অসমৰ একমাত্ৰ জলাশয়।২০০২ চনৰ ১৯ আগষ্টত এই জলাশয়টো ৰামছাৰ ক্ষেত্ৰতটো অন্তৰ্ভুক্ত হৈছে।এই সকলোবোৰ দিশ চালি-জাৰি চাই উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ নেতৃত্বত গঠিত খণ্ড বিচাৰপীঠে পূৰ্বৰ এজনীয়া বিচাৰপীঠৰ ৰায় খাৰিজ কৰে। অৱশ্যে ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে আৱেদনকাৰীসকলৰ কিবা আপত্তি থাকিলে তেওঁলোকে সকাহ বিচাৰি আবেদন জনাব পাৰিব। 

No comments