Breaking News

দিবাং -চিয়াঙত বান্ধ: মহাবাহু ব্ৰহ্মপুত্ৰলৈ অশনি সংকেত

মহাবাহু ব্ৰহ্মপুত্ৰক একপ্ৰকাৰৰ উৎপত্তিস্হলতে ভেটা দিয়া হ'ব। চুবুৰীয়া অৰুণাচল ৰাজ্য অৰুণাচল প্ৰদেশৰ চিয়াং আৰু দিবাং নৈ ভেটি দুটাকৈ বৃহৎ নদী বান্ধ নিৰ্মাণৰ কেন্দ্ৰীয় চৰকাৰে পুঁজিৰ অনুমোদন দিয়াৰ পাছতেই মহাবাহু ব্ৰহ্মপুত্ৰলৈ অশনি সংকেত নামি আহিল। কেন্দ্ৰীয় চৰকাৰে দিবাঙৰ বুকুত ২৮৮০ মেগাৱাট ক্ষমতাসম্পন্ন বহুমুখী নদী বান্ধৰ বাবে ধনৰ অনুমোদন দিয়াৰ বিপৰীতে চিয়াং নৈৰ ওপৰতো ১০,০০০ মেগাৱাট ক্ষমতাসম্পন্ন বৃহৎ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে এন এই পি চিয়ে চুক্তি স্বাক্ষৰ কৰিছে। তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে তিব্বতৰ পৰা বৈ অহা চিৰাং আৰু দিবাং নৈ তিনিচুকীয়াৰ ডিব্ৰু - ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত ব্ৰহ্মপুত্ৰত মিলিত হৈছে।একে স্থানতে দিবাং -চিয়াঙৰ উপৰিও অৰুণাচলৰ লোহিত নৈ লগ লাগিছে ব্ৰহ্মপুত্ৰত। অৰ্থাৎ ডিব্ৰু- ছৈখোৱাই হৈছে অৰুণাচলৰ তিনিওখন নৈৰ সৈতে ব্ৰহ্মপুত্ৰৰ সংগমস্থল। এতিয়া ১০,০০০ মেগাৱাট আৰু ২৮,৮০ মেগাৱাট ক্ষমতাসম্পন্ন দুটাকৈ বৃহৎ নদীবান্ধ ক্ৰমে চিয়াং দিবাং নৈৰ বুকুত নিৰ্মাণ কৰিবলৈ সাজু হোৱাত নামনিৰ মহাবাহু ব্ৰহ্মপুত্ৰ যে মৰুভূমি লৈ পৰিণত হ'ব সেয়া নিশ্চিত হৈ পৰিছে। বৃহৎ জলবোমা দুটাৰ পৰা নিৰ্দিষ্ট পৰিমাণৰ পানী নামনিলৈ এৰি‌ দিলে ব্ৰহ্মপুত্ৰৰ‌ জলচৰ প্ৰাণীলৈয়ো বিপদ নামি অহাটো স্বাভাৱিক। আনহাতে চিয়াং - দিবাং নৈ ভেটা দিয়াৰ ফলত ডিব্ৰু-ছৈখোৱাৰ জীৱকূল নি:শেষ হৈ পৰাৰো আশংকা প্ৰবল হৈ পৰিছে। তদুপৰি বাৰিষা যিকোনো এটা বান্ধ ভাগি পৰিবলৈ হ'ল কি পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে সেয়া সহজেই অনুমেয়। আশ্চৰ্যজনক বিষয়টো হৈছে দুয়োটা নদী বান্ধ নিৰ্মাণৰ কাৰ্য আৰম্ভৰ বাবে প্ৰস্তুতি  সম্পূৰ্ণ হ'ল যদিও আজিলৈও নামনিৰ অংশত পৰিব পৰা ক্ষয়-ক্ষতি তথা প্ৰভাৱৰ ক্ষেত্ৰত কোনো বিজ্ঞানসন্মত অধ্যয়ন‌ নহ'ল।আনকি‌ অসমৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ ৰাইজৰো কোনো মতামত তথা ৰাজহুৱা শুনানি লোৱা নহ'ল। আচৰিত ধৰণে ব্ৰহ্মপুত্ৰক নি: শেষ কৰিব পৰা দিবাং - চিয়াং জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে অসমৰ ৰাইজেও কোনো প্ৰতিবাদ সাব্যস্ত কৰা নাই।অসমৰ তথাকথিত যুৱ-ছাত্ৰ সংগঠনৰ শীৰ্ষ নেতৃত্ব তথা কৃষক নেতাইও এই উদ্বেগজনক বিষয়টোক লৈ মৌন ভূমিকা গ্ৰহণ কৰিছে।অসমৰ‌ দল-সংগঠনৰ এই মৌনতাৰ বিপৰীতে অৰুণাচলত বান্ধ দুটাৰ বিৰোধিতাৰে আৰম্ভ হৈছে ব্যাপক প্ৰতিবাদ। দিবাং উপত্যকাৰ একাংশ সচেতন লোকে ধাৰাবাহিক আন্দোলন অব্যাহত ৰখাৰ লগতে চিয়াং খিলঞ্জীয়া কৃষক মঞ্চ আৰু ইণ্ডিজীনিয়াছ ৰাইটছ এডভ'কেচি দিবাং নামৰ সংগঠনটোৱে বান্ধ দুটাৰ তীব্ৰ বিৰোধিতা কৰি চিয়াং- দিবাং বান্ধে নামনিৰ ব্ৰহ্মপুত্ৰলৈ অনাগত দিনত ভয়ংকৰ বিপদ আনিব বুলিও অসমবাসীক সতৰ্ক কৰি দিয়ে। 

No comments