Breaking News

গোলাঘাটত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনি আৰু আৰক্ষীৰ কাম-কাজৰ পৰ্যালোচনা ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াৰ

দুৰ্বলতা বিচাৰি থাকিলে সফলতা নাহে, ইতিবাচক আৰু ভাল কামৰ বাবে স্বীকৃতি আৰু উচিত প্ৰশংসাইহে কৰ্মসংস্কৃতি উন্নত কৰিব : কাটাৰিয়া


থানাসমূহৰ মাজত গ্রেডিং ব্যৱস্থা আৰম্ভ কৰাৰ পোষকতা ৰাজ্যপালৰ


গোলাঘাট, ২৭ মাৰ্চ : অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই আজি গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন পৰ্যালোচনা বৈঠকত মিলিত হয় । উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণে পাৱাৰপইন্ট প্ৰেজেণ্টেশ্যনৰ জৰিয়তে ৰাজ্যপালগৰাকীৰ আগত জিলাখনৰ বিষয়ে এটা চমু আভাষ দাঙি ধৰাৰ লগতে জিলাখনত ৰূপায়িত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ কাম-কাজ তথা অগ্ৰগতি সন্দৰ্ভত বিতং ব্যাখ্যা আগবঢ়ায় । তেওঁ স্বাস্থ্য, কৃষি, খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা, জনস্বাস্থ্য কাৰিকৰী, শিক্ষা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, সমাজ কল্যাণ বিভাগ, লোকনিৰ্মাণ (পথ) আৰু লোকনিৰ্মাণ (গৃহ) বিভাগ আৰু গোলাঘাট আৰক্ষীৰ কাম-কাজৰ বিষয়ে সবিশেষ বুজ লয় ।

কৃষি বিভাগৰ পৰ্যালোচনা কৰি তেওঁ পি এম কিষাণ আঁচনিক অগ্ৰাধিকাৰ হিচাপে লৈ ইয়াৰ অধীনত যাতে কোনো যোগ্য হিতাধিকাৰী বঞ্চিত নহয় তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ পৰামৰ্শ আগবঢ়ায় । ৰাজ্যপালগৰাকীয়ে লগতে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আৰু অসম মিলেট মিছনৰো অগ্ৰগতিৰ বুজ লয় । তেওঁ গোলাঘাট জিলাত বিদ্যালয় বহিৰ্ভূত ল'ৰা-ছোৱালীৰ বিষয়ে সবিশেষ বুজ লোৱাৰ লগতে চাহ বাগিচাসমূহত শিক্ষাৰ মান উন্নত কৰা তথা অধিক ল'ৰা-ছোৱালীক সামৰি ল'ব পৰাকৈ পৰ্যাপ্ত বিদ্যালয় স্থাপনৰ বিষয়টোতো গুৰুত্ব আৰোপ কৰে । আনহাতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, এম জি এনৰেগাৰ অধীনত জব কাৰ্ড প্ৰদান, অমৃত সৰোবৰ প্ৰকল্পৰ অগ্ৰগতি, স্বচ্ছ ভাৰত অভিযান-গ্ৰামীণ আদিৰ ৰূপায়ন সন্দৰ্ভত তেওঁ পৰ্যালোচনা কৰে । স্বাস্থ্য বিভাগৰ পৰ্যালোচনা কৰি ৰাজ্যপালগৰাকীয়ে গোলাঘাট জিলাত ১০০ শতাংশ যক্ষ্মা ৰোগীৰ 'এডপচন' সম্পূৰ্ণ হোৱা বিষয়টোক লৈ সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে জননী সুৰক্ষা যোজনাৰ দ্বাৰা মাতৃসকল লাভান্বিত হৈছেনে নাই এই বিষয়ে বিতংভাবে বুজ লয় । তেওঁ চাহ বাগিচাৰ মহিলাসকলক স্বাস্থ্য আঁচনিসমূহৰ দ্বাৰা সামৰি লোৱাটো সুনিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনৰ জল জীৱন অভিযান সন্দৰ্ভত তেওঁ সকলো হিতাধিকাৰীয়ে পানী পাইছেনে নাই তাৰ উপযুক্ত নিৰীক্ষণৰ ওপৰতহে আঁচনিখনৰ প্ৰকৃত সাফল্য নিৰ্ভৰ কৰিব বুলি মত প্ৰকাশ কৰে । তেওঁ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধীনত ধান ক্ৰয় আৰু খাদ্য সুৰক্ষা আইনৰ অধীনত দুখীয়া পৰিয়ালক চাউল যোগান, সমাজ কল্যাণ বিভাগৰ অধীনৰ অংগনৱাড়ী কেন্দ্ৰসমূহৰ স্থিতি, প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনা, ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বৰ্তমানৰ স্থিতি আদিৰো বুজ লয় ।

আনহাতে আৰক্ষী অধীক্ষক ৰমনদ্বীপ কৌৰে আৰক্ষী প্ৰশাসনৰ কাম-কাজৰ বিষয়ে পাৱাৰপইন্ট প্ৰেজেণ্টেশ্যনৰ জৰিয়তে ব্যাখ্যা আগবঢ়ায় । ৰাজ্যপালগৰাকীয়ে জিলাখনত অপৰাধজনিত ঘটনাৰ হাৰ কম হোৱাৰ বিষয়টোক লৈ সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে সমগ্ৰ দেশতেই ড্ৰাগছৰ প্ৰচলন বৃদ্ধি পোৱাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰে । তেওঁ আৰক্ষী থানাসমূহৰ মাজত গ্ৰেডিং ব্যৱস্থা আৰম্ভ কৰাৰ পোষকতা কৰে যাতে প্ৰতিযোগিতাৰ পৰিৱেশ বৃদ্ধি পায় আৰু কাম কৰাৰ বাবে আৰক্ষীৰ মাজত উৎসাহ আৰু সামৰ্থ্য বৃদ্ধি পায় । তেওঁ চাইবাৰ অপৰাধ আৰু সীমান্ত অঞ্চলসমূহৰ পৰিস্থিতিৰো বুজ লয় । তেওঁ কয় যে দুৰ্বলতা বিচাৰি থাকিলে সফলতা নাহে, ইতিবাচক আৰু ভাল কামৰ বাবে স্বীকৃতি আৰু উচিত প্ৰশংসাইহে কৰ্মসংস্কৃতি উন্নত কৰিব আৰু অধিক ভাল কাম কৰিবলৈ উৎসাহিত কৰিব । কষ্ট কৰিলে ফল ভাল পাবই বুলি উল্লেখ কৰি তেওঁ কয় যে ভাল কামে মনত যি সন্তুষ্টি দিয়ে সেয়া আন একোৱে দিব নোৱাৰে । তেওঁ সকলোকে ঐক্যবদ্ধভাৱে ভাল কামেৰে আগবাঢ়ি যাবলৈ আহ্বান জনায় । 

আজিৰ অনুষ্ঠানতে জিলা যক্ষ্মা বিষয়া ডাঃ সুনিতা এক্কাই ৰাজ্যপালগৰাকীৰ হাতৰ পৰা বিভিন্ন দাতাই যক্ষ্মা ৰোগীৰ বাবে আগবঢ়োৱা পুষ্টিকৰ খাদ্যৰ টোপোলা গ্ৰহণ কৰে । লগতে বিদ্যালয়সমূহৰ পৰিদৰ্শক ডঃ সমীৰণ বৰাই জিলা শিক্ষা বিভাগলৈ বিভিন্ন দাতাই আগবঢ়োৱা টেলিভিছন ছেট ৰাজ্যপালগৰাকীৰ হাতৰ পৰা  গ্ৰহণ কৰে । সভাত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, অতিৰিক্ত উপায়ুক্ত কুলদীপ হাজৰিকা, বোকাখাত মহকুমাৰ মহকুমাধিপতি ডাঃ নেহা যাদৱ, ধনশিৰি মহকুমাৰ মহকুমাধিপতি দিনচেংফা বৰুৱা আৰু জিলা প্ৰশাসনৰ বিষয়া তথা বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত আছিল । ইয়াৰ পূৰ্বে ৰাজ্যপালগৰাকীয়ে নুমলীগড় শোধনাগাৰ তথা ইয়াৰ নিয়ন্ত্ৰণ কক্ষ পৰিদৰ্শন কৰি প্ৰকল্পটোৰ কাম-কাজৰ বিষয়ে বুজ লয় । 

No comments