Breaking News

কাজিৰঙাত পুনৰ গঁড় হত্যা:খৰ্গ লৈ উধাও চোৰাং চিকাৰী

ৰাজ্য চৰকাৰৰ বন বিভাগে বিগত বছৰটোত কাজিৰঙাত এটাও গঁড় হত্যা হোৱা নাই বুলি গৌৰৱ‌ কৰি থকাৰ সময়তে কালি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চলিত বৰ্ষৰ প্ৰথমটো গঁড় হত্যাৰ ঘটনা পোহৰলৈ আহে। আৰক্ষী আৰু বন‌ বিভাগৰ তথাকথিত কটকটীয়া নিৰাপত্তাৰ বেহু ফালি পূৰ্বৰ দৰেই অতি নৃশংসভাৱে গঁড় হত্যা কৰি খৰ্গ লৈ উধাও হয় চোৰাং চিকাৰী। চাৰি-পাঁচ দিনৰ পূৰ্বেই চোৰাং চিকাৰীয়ে গঁড় হত্যা কৰি খৰ্গ লৈ উধাও হয় যদিও কালিহে বন বিভাগে উদ্ধাৰ কৰে খৰ্গ বিহীন গঁড়ৰ মৃতদেহটো। উল্লেখযোগ্য যে অহা ৬ এপ্ৰিলত কাজিৰঙা ভ্ৰমণলৈ আহিব দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী‌ মুৰ্মু।তাৰ বাবে ইতিমধ্যেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক সজাই-পৰাই তুলিবলৈ চেষ্টা কৰিছে বন বিভাগে।বন‌ বিভাগৰ শীৰ্ষ‌ বিষয়াসকলো ইতিমধ্যেই কাজিৰঙাত বাহৰ পাতি সকলো তদাৰক কৰিছে।তাৰ মাজতেই গঁড় হত্যা কৰি খৰ্গ লৈ চোৰাং চিকাৰী উধাও হোৱাৰ ঘটনাই সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ইফালে কালি গঁড়টোৰ মৃতদেহ উদ্ধাৰৰ পাছতেই হুৱা-দুৱা লাগে কাজিৰঙা বনবিভাগত। ঘটনাৰ খবৰ পাই লগে লগে ঘটনাস্থলীত বনবিভাগ আৰুআৰক্ষীৰ শীৰ্ষ বিষয়াসকল উপস্থিত হৈ উক্ত ঘটনা সম্পৰ্কত তদন্ত অব্যাহত ৰাখিছে।


No comments