Breaking News

আজি গোলাঘাট শিশু ভৱনত ইলোৰা বিজ্ঞান মঞ্চৰ সাধাৰণ সভাঃ মৰণোত্তৰ দেহদানৰ ইচ্ছা পত্ৰত স্বাক্ষৰ ৪ ব্যক্তিৰ

 

আজি গোলাঘাট শিশু ভৱনত 'ইলোৰা বিজ্ঞান মঞ্চ, গোলাঘাট শাখা'ৰ উদ্যোগত এখনি সাধাৰণ সভা অনুষ্ঠিত হৈ যায়। গোলাঘাট শাখাৰ সভাপতি ডাঃ কুমুদ কুমাৰ দত্তৰ সভাপতিত্ব অনুষ্ঠিত হোৱা সভাত ইলোৰা বিজ্ঞান মঞ্চ, ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক কমলেশ গুপ্তা, যুটীয়া সম্পাদক অনুপ ৰায়চৌধুৰী উপস্থিত থাকি বক্তব্য আগবঢ়ায়। আজিৰ সভাত মঞ্চৰ গোলাঘাট শাখাৰ দ্বাৰা ইতিমধ্যে মৰণোত্তৰ দেহদান সম্পন্ন কৰা ব্যক্তিসকলৰ পৰিয়ালবৰ্গক সম্বৰ্দ্ধনা জনোৱা হয়। এই সভাতে ভৱেশ দত্ত,  লক্ষেশ্বৰ বৰা, পাৰিজাত বৰা, পাৰুল বৰা নামৰ ৪ গৰাকী ব্যক্তিয়ে মৰণোত্তৰ দেহদানৰ ইচ্ছা পত্ৰত স্বাক্ষৰ প্ৰদান কৰে।



No comments