Breaking News

জীৱনৰ ডায়েৰীত আৰু এটা নতুন অধ্যায়~বিংশতম খণ্ড



 মালবিকা শৰ্মা, ভুবনেশ্বৰ

     জীৱনৰ কিছুমান অধ্যায় কেতিয়াবা খালি হৈয়ে থাকে। ক’বলৈ বা লিখি ৰাখিবলৈ বা সাঁচি থবলৈ অন্তৰত একোকে নাথাকে। এই কেইদিন কথাটো তেনে ধৰনৰে হৈছে। কিবা এটা লিখিম বুলিও লিখিব পৰা নাই। কাম কৰিবলৈকো এলাহ লগা হৈছে। কৰিবলৈ একো কাম নাথাকিলে  মাৰ লগত টিভি চাই বহি থাকো। মই অৱশ্যে গোটেই সপ্তাহটোৰ ভিতৰত শনিবাৰ আৰু ৰবিবাৰে দিয়া গানৰ অনুষ্ঠানবোৰহে চাই বৰ ভাল পাও। মায়ে বাতৰি চাই থাকে বাবে লগত বহি থাকিলে ময়ো চাও। কিন্তু বাতৰি চাই থাকিলে আকৌ আজিকালি মনটো অশান্ত হে হৈ আহে। ভাল বাতৰি একোৱেই নোহোৱা হ’ল। দূৰ্ঘটনা, হত্যা, হিংসা, কাজিয়াৰ লগতে কেৱল মৃত্যুৰে খবৰেই দেখি থাকো। তাতে একেটা বাতৰিকে গোটেই দিনটো বাৰে বাৰে দি থাকে কিয় বুজি নাপাও। 

   মইতো ভাবো হিংসাত্মক ঘটনাবোৰ কমকৈয়ে দেখাব লাগে নহ’লে বহুত সময়ত এনে ধৰনৰ বাতৰিবোৰে মনত বৰ বেয়া প্ৰভাৱ পেলায়। নিজৰ পৰিয়ালৰ মানুহকে হত্যা কৰা, ঘৰুৱা হিংসা, হত্যা কৰিবলৈ বিভিন্ন ধৰনৰ পদ্ধতি গ্ৰহন কৰা বাতৰিবোৰে মানুহৰ মানসিকতা নেতিবাচক কৰাৰ লগতে নিজৰেই মনবোৰ আত্মীয় স্বজনৰ প্ৰতি সন্দেহবান কৰি তোলে। ৰাতিও শুই থাকোতে এনে বাজে খবৰবোৰে মগজুত দুঃস্বপ্ন হৈ আহে। আজিকালি সমাজৰ ৰেহ ৰূপ দেখি মনলৈ এটাই চিন্তা আহি আছে। এই ধৰনৰ নিম্নমূখী মানসিকতাক আতৰাবলৈ সমাজত মানসিক স্বাস্থ্যৰ যত্ন লোৱাটো একান্তই আৱশ্যক হৈ পৰিছে।     

        মানসিক স্বাস্থ্যৰ যত্ন ল’লে নিশ্চয়কৈ সমাজৰ নেতিবাচক ঘটনাবোৰ কমি আহিব। কিয়নো ইতিবাচক মানসিক স্বাস্থ্য বজাই ৰখা আৰু যিকোনো মানসিক স্বাস্থ্যৰ অৱস্থাৰ চিকিৎসা গঠনমূলক আচৰণ, আৱেগ আৰু চিন্তাক সুস্থিৰ কৰাৰ বাবে অতি গুৰুত্বপূৰ্ণ হয়।  মানসিক স্বাস্থ্যৰ যত্নত মনোনিৱেশ কৰিলে উৎপাদনশীলতা বৃদ্ধি পাব পাৰি, আমাৰ আত্ম-ভাবমূৰ্তি বৃদ্ধি হ’ব পাৰে, আৰু সম্পৰ্ক উন্নত হ’ব পাৰে। মানসিক স্বাস্থ্যৰ লালন-পালনে কেৱল আমাৰ দৈনন্দিন কাৰ্য্যকলাপ উন্নত কৰাই নহয়, ই আমাক মানসিক স্বাস্থ্যৰ অৱস্থাৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত কিছুমান শাৰীৰিক স্বাস্থ্যজনিত সমস্যা নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে।  উদাহৰণস্বৰূপে, হৃদৰোগ আৰু মানসিক চাপৰ সম্পৰ্ক আছে, গতিকে মানসিক চাপ পৰিচালনা কৰিলে হৃদৰোগৰ ওপৰত ইতিবাচক ফলাফল হ’ব পাৰে।

       আমাৰ মানসিক স্বাস্থ্যৰ যত্ন লোৱাৰ আন কিছুমান যোগাত্মক দিশো আছে। যেনে- আমাৰ মেজাজ উন্নত কৰা, আমাৰ উদ্বিগ্নতা বা চিন্তা হ্ৰাস কৰা, আভ্যন্তৰীণ শান্তিৰ বৰ্ধিত অনুভূতি সৃষ্টি কৰা, অধিক স্পষ্টভাৱে চিন্তা কৰিবলৈ শিকা, আনৰ সৈতে আমাৰ সম্পৰ্ক উন্নত কৰা, আমাৰ আত্মসন্মান বৃদ্ধি কৰা ইত্যাদি।(আগলৈ) 

No comments