Breaking News

চীনত পোক-পতংগৰ বৰষুণ:সৃষ্টি হৈছে বিশ্বজুৰি‌ চাঞ্চল্য

এইবাৰ পুনৰ বাতৰিৰ শিৰোনাম দখল কৰিছে চীনে।ক'ৰোণা ভাইৰাছৰ পিছত এইবাৰ কীট-পতংগৰ বৰষুণক লৈ বাতৰিৰ শীৰ্ষ‌ স্থান দখল কৰিছে চীনে।ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে চীনত হোৱা কীট-পতংগৰ বৰষুণৰ এটা ভিডিঅ',য'ত দেখা গৈছে বৰষুণৰ সৈতে আকাশৰ পৰা জাকে জাকে কীট-পতংগ সৰি পৰাৰ দৃশ্য।চীনৰ বেইজিংত সংঘটিত হৈছে এই ঘটনা। ভিডিঅ'টোত দেখা গৈছে বৰষুণৰ সৈতে আকাশৰ পৰা সৰি পৰা কীট-পতংগ‌ই ঢাকি ধৰা বাট-পথৰ লগতে পথৰ দাঁতিত ৰাখি থোৱা বাহন আৰু অট্টালিকাৰ ছাদসমূহ।শিহৰণকাৰী এই ঘটনাৰ পৰা ৰক্ষা পাবলৈ পথচাৰীসকলক ছাতি মেলি লোৱা দেখা গৈছে ভিডিঅ'টোত।পিছে ক'ৰ পৰা আহিছে এনেদৰে জাকে জাকে পোক,সেই বিষয়ে জানিব পৰা হোৱা নাই। অৱশ্যে বিজ্ঞানভিত্তিক আলোচনী 'মাদাৰ নেচাৰ নেটৱৰ্কে 'এই বিষয়ে এক ব্যাখ্যা আগবঢ়াইছে। আলোচনীখনৰ মতে জাকে জাকে সৰি পৰা কীট-পতংগসমূহ প্ৰথমতে মাটিৰ তলৰ পৰা ওলাই আহিছিল।পাখি গজি ওলাই অহা কীট-পতংগসমূহক এটা সময়ত প্ৰবল বতাহে আকাশলৈ উৰুৱাই নিয়ে।আকাশত উৰি থকা পোকবোৰ বৰষুণত তিতি পাখি গধুৰ হৈ পৰাত সৰি পৰিবলৈ ধৰে।যি কি নহওঁক,চীনৰ ৰাজধানী চহৰখনত কীট-পতংগক কেন্দ্ৰ কৰি হঠাতে সৃষ্টি হোৱা এনে পৰিৱেশক লৈ বেইজিংবাসীৰ মাজত আতংকৰ সৃষ্টি কৰিছে।কৰ'ণাৰ পাছত হঠাৎ কীট-পতংগক লৈ সৃষ্টি হোৱা এই পৰিৱেশক লৈ আন এক বিপদৰ আগজাননীৰ আশংকা কৰিছে বহুতো লোকে।

No comments