Breaking News

অসম চৰকাৰৰ কামকাজত ক্ষুণ্ণ তিনিচুকীয়াৰ বিৰোধী যৌথ ৰাজনৈতিক মঞ্চ আৰু গণ-সংগঠন

ৰবীন মৰাণ, পেঙেৰীঃ 'আমি উদ্বেগজনকভাৱে লক্ষ্য কৰিছো যে ড০ হিমন্ত বিশ্বশৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনৰ শাসনত সম্প্ৰতি অসম গণতন্ত্ৰৰ-বধ্যভূমিত পৰিণত হৈছে।' তিনিচুকীয়াৰ বিৰোধী যৌথ ৰাজনৈতিক মঞ্চ আৰু গণ-সংগঠনসমূহৰ হৈ 

ৰঞ্জন চৌধুৰীয়ে এক প্ৰেছ বিজ্ঞপ্তিত এইদৰে কয়। বিবৃত্তিটোত কোৱা হৈছে  'এনকাউন্টাৰ, মানৱতাহীন বৈষম্যমূলক উচ্ছেদ, মূল্যবৃদ্ধিৰ বোজা, সাম্প্ৰদায়িক বিদ্বেষ, সীমাহীন দুৰ্নীতি আৰু বিৰোধীৰ ওপৰত দমন- এয়াই হৈছে এইখন চৰকাৰৰ শাসন পৰিচালনাৰ নীতি, যাৰ বুলড’জাৰেই হৈ পৰিছে নিষ্ঠুৰতাৰ প্ৰতীক'। ইতিমধ্যে অসমত এক চৰম অৰাজক পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি উল্লেখ কৰি বিবৃত্তিত আৰু কোৱা হৈছে যে  ৰাজ্যখনত ড্ৰাগছৰ বেহা বাঢ়ি গৈছে, চৰকাৰী চোৰাংচোৱা বিভাগ অকৰ্মণ্য হৈছে আৰু চৰকাৰে ড্ৰাগছ নিয়ন্ত্ৰণ কৰাৰ অচিলা লৈ এনকাউণ্টাৰক প্ৰশাসনৰ হাতিয়াৰ কৰি লৈছে। আইনৰ শাসনক বুঢ়া আঙুলি দেখুৱাই পুলিচৰ ওপৰত অত্যধিক ক্ষমতা প্ৰদানৰ ফলত এনকাউণ্টাৰ বুমেৰাঙত পৰিণত হৈছে। নগাঁৱৰ কীৰ্তিকমল বৰাক ভুৱা এনকাউণ্টাৰ কৰি ঘূণীয়া কৰিছে আৰু অলপতে কিনাৰাম বসুমতাৰীক এনকাউণ্টাৰ কৰিবলৈ গৈ নিৰীহ কৃষক ডিম্বেশ্বৰ মুছাহাৰীক হত্যা কৰিছে। এইদৰে এনকাউণ্টাৰত ১৪১ জন ঘূণীয়া হৈছে আৰু ৬১ জন হত্যাৰে ৰাজ্যখন ৰাঙলী হৈছে। নীতিহীন সুৰানীতিৰ বাবে বাটে-ঘাটে প্ৰচলন হোৱা মাদকদ্ৰব্যই ছাত্ৰ-যুৱসকলক পথভ্ৰষ্ট কৰিছে, সহনশীলতাৰ অভাৱ ঘটিছে, চৰকাৰী বে-চৰকাৰী বেপৰোৱা হত্যা-হিংসা সাংঘাটিকভাবে বাঢ়িছে। বিবৃত্তিমতে মুখ্যমন্ত্রীৰ অপৰাধমুক্ত অসম গঢ়াৰ অভিযান সম্পূর্ণ ব্যৰ্থ হৈছে আৰু অসম এতিয়া মুক্তভাৱে অপৰাধ সংঘটিত হোৱা ৰাজ্যলৈ পৰ্যবসিত হৈছে। কেইদিনমান আগেয়ে হঠাৎ বাল্যবিবাহ ৰোধৰ নামত ইতিপূৰ্বে বিয়া হৈ শান্তিৰে বসবাস কৰা কেইবাহাজাৰ স্বামীক গ্ৰেপ্তাৰ কৰাত পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী পুত্ৰ-স্বামীক হেৰুওৱা মাতৃ-পত্নীৰ উচুপনিৰে বতাহ গধূৰ হৈছে। 

চৰকাৰী ভূমি সংৰক্ষণৰ নামত, তিনিচুকীয়াৰ বগাপানীকে ধৰি বহু ঠাইত আগতীয়া সংস্থাপন নকৰাকৈ, বৈষম্যমূলকভাৱে প্ৰতিপত্তিশীলসকলক এৰি সাধাৰণ জনতাক উচ্ছেদ কৰাৰ ফলত পৰীক্ষাৰ্থীকে ধৰি আবাল-বৃদ্ধ-বনিতাৰ আলৈ-আথানি চাব নোৱাৰা হৈছে। ইফালে হিতাধিকাৰীক সন্তুষ্ট কৰিবলৈ আঁচনিৰ ওপৰত আঁচনি কৰি বৃহৎ ঋণ ফান্দত ৰাজ্যখন বন্ধকত ৰাখিছে। এইদৰে পদে পদে ব্যৰ্থ হৈ মুখ্যমন্ত্রী গৰাকী হতাশগ্ৰস্ত হৈ পৰিছে আৰু ক্ষমতা হেৰুৱাৰ আশংকাত ভীতিগ্ৰস্ত হৈ বিৰোধীৰ প্ৰতিবাদী কণ্ঠ স্তব্ধ কৰিবলৈ উঠি-পৰি লাগিছে। আমাৰ পূৰ্বপুৰুষসকলে স্বাধীনতা সংগ্ৰামত নিজৰ জীৱন উচৰ্গা কৰি, অনেক নিৰ্যাতন মূৰ পাতি এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰিছিল আৰু আজি এইখন দেশৰ ৰাজনৈতিক ক্ষমতাযুক্ত এচাম পাবতগজা নেতাই নানা মিছা প্ৰতিশ্ৰুতি আৰু কূটকৌশলেৰে গণতন্ত্ৰক হত্যা কৰি নিজৰ  মইমতালিৰ লীলাভূমিত পৰিণত কৰিছে। একপক্ষীয়ভাৱে ‘কা’, কৃষি-আইন, শ্ৰম-আইনকে ধৰি অন্যান্য জনবিৰোধী আইন ৰচনা কৰি জনগণৰ অন্ধকাৰ ভৱিষ্যৎ ৰচনা কৰিছে। দেশৰ সম্পদ জনতাৰ মুখৰ পৰা কাঢ়ি নি দুজনমান পুঁজিপতিক শোধাই তেওঁলোকক পৃথিৱীৰ ভিতৰত ধনী ব্যক্তিত পৰিণত কৰিবলৈ গৈ দেশৰ সাধাৰণ জনতাক তিলতিলকৈ দাৰিদ্ৰ্যতাৰ ফালে ঠেলি দিছে। প্ৰচণ্ড নিবনুৱা সমস্যাত জৰ্জৰিত যুৱসমাজ। পেট্ৰ’ল-ডিজেল, চিলিণ্ডাৰ, বিদ্যুৎ, খাদ্যদ্ৰব্যৰ লগতে অত্যাৱশ্যকীয় দৰবৰ মূল্যবৃদ্ধি, অস্বাভাৱিক পৌৰকৰ জাপি দি আৰু না না ধৰণৰ জৰিমনাৰে জনজীৱন অতীষ্ঠ কৰিছে। এই দুৰৱস্থা নীৰৱে সহ্য কৰি থাকিলে অচিৰেই সকলোৰে গালৈ অধিক বিপদ অহাৰ সম্ভাৱনা আছে।

বিবৃত্তিৰ শেষত কোৱা হৈছে 'আমি আজি তিনিচুকীয়াৰ পৰাই বিৰোধী যৌথ ৰাজনৈতিক মঞ্চ আৰু গণতান্ত্ৰিক সংগঠনসমূহৰ উদ্যোগত, আমাৰ ৰাজ্যখনত অত্যাচাৰৰ পৰিবৰ্তে সাংবিধানিক গণতন্ত্ৰ বা আইনৰ শাসন প্ৰতিষ্ঠা কৰিবলৈ জনমত গঢ়ি তুলিলো আৰু ঐক্যবদ্ধ সংগ্ৰাম গঢ়ি তোলাৰ উদ্দেশ্য তিনিচুকীয়াৰ বিৰোধী দল- সংগঠনসমূহে আজি (১৩ মাৰ্চ) দিনৰ ১১ বজাত তিনিচুকীয়া চহৰৰ থানা চাৰি-আলিত ধৰ্ণা কাৰ্যসূচীত উপস্থিত হৈ এই সংগ্ৰাম আগুৱাই নিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ।' তেওঁলোকৰ শ্ল'গানসমূহ এনেধৰণৰ - 

এনকাউণ্টাৰৰাজ বন্ধ কৰক। আইনৰ শাসন প্ৰতিষ্ঠা কৰক।

উচ্ছেদৰ নামত বৈষম্য নচলিব। উচ্ছেদৰ আগেয়ে নাগৰিকক সংস্থাপনৰ ব্যৱস্থা কৰক।

বিৰোধী ৰাজনৈতিক দলৰ ওপৰত আক্ৰমণ বন্ধ কৰক, গণতান্ত্ৰিক মূল্যবোধ অটুত ৰাখক। অখিল গগৈৰ ওপৰত ষড়যন্ত্ৰমূলক হাৰাশাস্তি বন্ধ কৰক।

মূল্যবৃদ্ধি ৰোধ কৰক, অস্বাভাৱিক পৌৰকৰ আৰু বিদ্যুৎ মাচুল হ্ৰাস কৰক। ৰাজ্যবাসীক শান্তিৰে জীয়াই থাকিবলৈ দিয়ক।

কয়লাৰ অবৈধ বেহা বন্ধ কৰক।

কয়লাখনিত ইতিমধ্যে মৃত্যু হোৱা শ্ৰমিকৰ উপযুক্ত ক্ষতিপূৰণ দিয়ক।• নিৰুদিষ্ট প্ৰাঞ্জল মৰাণৰ সন্ধান উলিয়াওক।

বিজেপি হটাওক, দেশ বচাওক।

উল্লেখ্য যে সংগঠনটোৰ অংশীদাৰি দল-সংগঠন সমূহ হ'ল - চিপিআই, চি পি আই (এম), চি পি আই(এম-এল), ভাৰতীয় জাতীয় কংগ্ৰেছ, ৰাইজৰ দল, অসম জাতীয় পৰিষদ, জাতীয় দল অসম, তৃণমূল কংগ্ৰেছ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি।  

No comments