Breaking News

কামৰূপ জিলাৰ হাজোৰ তলিয়া গাঁৱৰ ৮০ বছৰীয়া লোক সন্ধানহীন

 

কামৰূপ জিলাৰ হাজোৰ তলিয়া গাঁৱৰ সন্ধানহীন হৈছে ৮০ বছৰীয়া লোক। ৰবিবাৰে ৰাতিপুৱা পুত্ৰ আৰু বোৱাৰীৰ সৈতে নিজৰ ঘৰৰ পৰাই জালুকবাৰী গাড়ীগাৱলৈ জীয়েকৰ ঘৰলৈ আলহী খাবলৈ গৈছিল লোক জন। হাজোৰ তলিয়াত এতিয়া ঘটনাটোই তীব্ৰ চাঞ্চল্যকৰ সৃষ্টি কৰিছে। ৰবিবাৰে ৰাতিপুৱাৰে পৰা সন্ধানহীন হৈ আছে ৮০ বছৰীয়া লোক জন। উল্লেখযোগ্য যে জালুকবাৰী গাড়ীগাৱৰ জীয়েকৰ ঘৰৰ পৰা ৰবিবাৰে ৰাতিপুৱা প্ৰায় ১০.৩০ মান বজাত ফুৰিবলৈ গৈছিল আব্বাছ আলী। কিন্তু বৰ্তমান সময় পৰ্যন্ত ঘৰলৈ উভতি নহাত আব্বাছ আলীৰ ঘৰ খনত লাগিছে এতিয়া হাহাকাৰ।  লোক জনে জীয়েকৰ ঘৰৰ পৰা ফুৰিবলৈ গৈ ৰাস্তা ভূল হৈ কোনো বেলেগ ফালে যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে।  এই ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিলেআব্বাছ আলীৰ পৰিয়ালৰ লোকে।।                     ।।

No comments