Breaking News

২০২৬ চনৰ ভিতৰত ভাৰতক 'অখণ্ড হিন্দু ৰাষ্ট্ৰ' হিচাপে ঘোষণা কৰা হ'বঃ বিজেপি বিধায়ক টি ৰাজা সিং

 


নিলম্বিত বিজেপি নেতা টি ৰাজা সিঙে দাবী কৰিছে যে ২০২৬ চনৰ ভিতৰত ভাৰতক 'অখণ্ড হিন্দু ৰাষ্ট্ৰ' হিচাপে ঘোষণা কৰা হ'ব। তেওঁ লগতে কয়, "যদি ৫০ খনতকৈও অধিক ইছলামিক দেশ আৰু ১৫০ খনতকৈঅধিক খ্ৰীষ্টান ৰাষ্ট্ৰ থাকিব পাৰে, তেন্তে ভাৰতক কিয় 'হিন্দু ৰাষ্ট্ৰ' বুলি ঘোষণা কৰিব নোৱাৰি? এয়া হৈছে সকলো 'সাধু' আৰু 'সন্ত'ৰ গৰ্জন আৰু এয়া তেওঁলোকৰ ভৱিষ্যতবাণী।"

লগতে বিতৰ্কি ভাষণত কয় যে হিন্দু ৰাষ্ট্ৰত, আপুনি দিনত পাঁচবাৰ প্ৰাৰ্থনা কৰিবলৈ লাউডস্পীকাৰ নাপাব। তেলেংগানাৰ নিলম্বিত বিজেপি বিধায়ক টি ৰাজা সিঙৰ এই বিতৰ্কিত ভাষণৰ ভিডিঅ'টো এতিয়া ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

ভাইৰেল ভিডিঅ'টো মহাৰাষ্ট্ৰৰ আহমেদনগৰ জিলাৰ ৰাহাতা তহচিলত শেহতীয়াকৈ অনুষ্ঠিত এখন ৰাজহুৱা সভাত সিঙৰ ভাষণৰ পৰা আহিছে। "যিয়ে হিন্দুসকলৰ বিৰুদ্ধে কথা কয়, আমি তেওঁলোকক এৰি নিদিওঁ," 

No comments