Breaking News

সোণাৰি পৌৰসভাৰ বৰ্দ্ধিত পৌৰকৰৰ বিৰুদ্ধে সৰব কংগ্ৰেছ দল

সোণাৰি পৌৰসভাই বৰ্দ্ধিত পৌৰকৰ সংগ্ৰহ কৰিব লোৱা বিষয়টোত সৰব হৈ পৰিছে কংগ্ৰেছ দল। দলটোৰ সোণাৰি নগৰ ব্লক কমিটিৰ সভাপতি কৃষ্ণ শৰ্মা আৰু সম্পাদক নিপু ভৌমিকে আজি এক পত্ৰযোগে সোণাৰি পৌৰসভাৰ পৌৰপতিক ত্ৰুটিপূর্ণ আৰু বৰ্দ্ধিত পৌৰকৰ ধাৰ্যৰ খচৰা তালিকা স্থগিত কৰাৰ দাবী জনায়। পত্ৰখনত যোৱা ২১ মাৰ্চৰ দিনা সোণাৰি পৌৰসভাই যি ত্রুটিপূর্ণ বৰ্দ্ধিত হাৰত পৌৰকৰ ধাৰ্যৰ খচৰা তালিকা প্রকাশ কৰিছে উক্ত বিষয়ত ওজৰ, আপত্তিৰ বাবে ২৫ মাৰ্চৰ পৰা মাত্র চাৰি দিনৰ ব্যৱধানৰ সময় নিৰ্ধাৰণ কৰাত পৌৰসভাৰ এনে কাৰ্য ন্যায় সংগত, গ্রহণযোগ্য নহয় বুলি পত্ৰখনত উল্লেখ কৰা হৈছে। সেয়ে পৌৰসভাৰ এনে টোঘলকীৰ কাণ্ডৰ বিৰোধীতা কৰি ত্রুটিপূর্ণ আৰু বৰ্দ্ধিত পৌৰকৰৰ তালিকা স্থগিত ৰাখি ৰাজহুৱা সভাৰ যোগেদি বৰ্দ্ধিত পৌৰকৰ নিৰিখ নিৰ্ধাৰণ কৰি স্বচ্ছভাবে পুনৰ ৰাজহুৱা সভাৰ যোগেদি ওজৰ-আপত্তিৰ বাবে পৌৰ এলেকাৰ নগৰবাসীক ৩০ দিনৰ সময় দি উক্ত বিষয়টি নিষ্পত্তি কৰিবলৈ সোণাৰি নগৰ ব্লক কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা দাবী জনোৱা হৈছে।

No comments