Breaking News

খহনীয়াৰ কবলত বকতা মৌজাৰ দিচাং নৈৰ লাখমণি পাৰঘাট পথ ।

দিনক দিনে খহনীয়া হোৱাৰ ফলত নিশ্চিহ্ন হোৱাৰ দিশত গতি কৰিছে বকতা আৰু লাকুৱা সংযোগ কৰা দিচাং নদীৰ লাখমণি ঘাটৰ এক অঞ্চল । ইমানৰ পাছতো কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষ তথা জনপ্ৰতিনিধিৰ । যাক লৈ শংকিত স্থানীয় ৰাইজ। বিগত বৰ্ষত বাৰিষা সময়ত স্থানীয় বিধায়ক সুশান্ত বৰগোঁহাইয়ে উক্ত স্থান ত উপস্থিত হৈ সামান্য খহনীয়া প্ৰতিৰোধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছিল যদিও সকলো পুনৰ খহি পৰে । বিগত উপ নিৰ্বাচনৰ সময়ত মুখ্যমন্ত্ৰীয়ে উক্ত স্থানত দিচাং নদীত এখন পকী দলং  নিৰ্মাণৰ ঘোষণা কৰাৰ দুবছৰৰ পাছতো শিল এটাও নপৰিল বৰঞ্চ ঐতিহাসিক ইংৰাজৰ দিনৰ পাৰঘাটৰ পথটো খহনীয়াৰ কবলত পৰি নিশেষ হোৱাৰ উপক্ৰম  ঘটিছে। যাৰ ফলত লাকুৱা বকতাৰ সাধাৰণ ৰাইজৰ আহযাহ কৰাত সমস্যাৰ সৃষ্টি হব । ইফালে পথটো খহি পৰিলে এটা বৃহৎ অঞ্চল দিচাং নদীৰ পানীয়ে বুৰাই পেলাব । 

No comments