Breaking News

দেৱৰাজ ৰয় মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় সেৱা আপনি তিনি দিনীয়া কৰ্মশালা সম্পন্ন।

 

গোলাঘাট জিলা সদৰত অৱস্থিত ঐতিহ্যমণ্ডিত দেৱৰাজ ৰয় মহাবিদ্যালয়ত  ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰ অধীনৰ ৰাষ্ট্ৰীয় সেৱা আচনি(NSS) ৰ মান্ডলিক  পৰ্যায়ৰ এখনি কৰ্মশালা ২৩ মাৰ্চৰ পৰা ২৫ মাৰ্চলৈকে তিনি দিনীয়া কাৰ্যসূচীৰে  অনুষ্ঠিত হয়।  ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ    ১৬ খন কলেজৰ  ৰাষ্ট্ৰীয় সেৱা আচনিৰ তত্বাবধায়ক সহ  ১৬০ গৰাকী    ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰা কৰ্মশালা খনি ডিব্ৰুগড় বিশ্ববিদ্য়ালয়ৰ জীৱ বিজ্ঞান বিভাগৰ অধ্যাপক তথা ডিব্ৰুগড় বিশ্ববিদ্য়ালয় ৰাষ্ট্ৰীয় সেৱা বাহিনীৰ প্ৰগাম কঅৰডিনটৰ ডেভিদ কাৰদং উপস্থিত থাকি শুভ উদ্বোধন কৰে। তিনি দিনীয়া প্ৰশিক্ষণ সূচীত বিভিন্ন বিষয়ত সমল ব্যক্তি ৰূপে অংশ গ্ৰহণ কৰে ক্ৰমে জিলা দুৰ্যোগ ব্যবস্থাপনা বিভাগৰ জিলা প্ৰগাম অফিচাৰ ড০ ৰণি ৰাজখোৱা ,ৰাজ্যিক ধপাত নিৱাৰণী  বিভাগৰ হৈ ড০ সুনীতা এক্কাই অংশ গ্ৰহণ কৰে।চিভিল ডিফেন্স ৰ হৈ জিলা বিষয়া বিকাশ শইকীয়াৰ তত্বাবধানত প্ৰাথমিক চিকিৎসা বিষয়ক প্ৰশিক্ষণ হাতে কামে প্ৰদান কৰে। অধ্যাপক ড০ সম্ৰাট সেন গুপ্ত, ড০ পৱন ছেত্ৰী, ড০ খীৰোদ দেউৰী, ড০ পৰেশ দ্ত্ত,ড০ ইন্দিৰা গগৈয়, ড০ তৰুণ গগৈয়ে বিভিন্ন বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰে। প্ৰশিক্ষণ গ্ৰহণৰ অন্তত ছাত্ৰী ছাত্ৰীসকলক একোখনকৈ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। ৰাষ্ট্ৰীয় সেৱা বাহিনী ৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ প্ৰগ্ৰাম অফিচাৰ ড০ ৰাজীৱ বসুতাৰীৰ তত্ত্বাবধানত সুকলমে সম্পন্ন হোৱা প্ৰশিক্ষণ শিৱিৰ সম্পর্কে প্ৰশিক্ষণ গ্ৰহণ ছাত্ৰ ছাত্ৰী সকল উপকৃত হোৱাৰ কথা ছাত্ৰ ছাত্ৰী ছাত্ৰীসকলে প্ৰকাশ কৰিছে। ড০ ৰাজীৱ বসুমতাৰীয়ে কয় যে ৰাষ্ট্ৰীয় সেৱা আচনি হল ভাৰত চৰকাৰ যুবকল্যাণ আৰু ক্ৰীড়া মন্তনালয়ৰ এটা বিভাগ। এই আচনিৰ যোগেদি যুব ছাত্ৰ ছাত্ৰী সকলৰ সমাজ সেৱাৰ যোগেদি নিজৰ ব্যাক্তিত্ব আৰু দক্ষতা বিকাশ হৈছে মূল লক্ষ্য। এনেধৰণৰ প্ৰশিক্ষণ কাৰ্যই ছাত্ৰ সমাজৰ লগতে ৰাষ্ট্ৰৰ উন্নয়ত ইতিবাচক ভুমিকা লোৱাত সহায় কৰিব পাৰে।

No comments