Breaking News

মহিলা ন্যায়াধীশক ইতিকিং কৰি ন্যায়ালয়ৰ ৰোষত অধিবক্তা


 এগৰাকী মহিলা‌ ন্যায়াধীশক মহাভাৰতৰ 'ভষ্মাসুৰ'ৰ লগত তুলনা কৰি আৰু ৰেম্পৰ মডেল বুলি অভিহিত কৰি ইতিকিংসূচক মন্তব্য কৰি উচ্চ ন্যায়ালয়ৰ ৰোষত পৰিল উৎপল গোস্বামী নামৰ‌ এজন অধিবক্তা।এই অবাঞ্ছিত ঘটনাটো সংঘটিত হৈছিল যোৰহাট জিলাত। যোৰহাটৰ এগৰাকী বিচাৰপতিক উৎপল গোস্বামী নামৰ‌ অধিবক্তাজনে ইতিকিং কৰি কৈছিল যে বিচাৰপতিগৰাকীয়ে ৰেম্পৰ মডেলৰ দৰে গহণা পিন্ধি আদালত পৰিচালনা কৰিছে।আদালতত ন্যায়াধীশ গৰাকীয়ে প্ৰতিটো কথাতে অধিক দেখুৱাই অস্পষ্ট শব্দৰে সম্পৰ্কহীন আইনৰ ধাৰাৰ কথা কৈ অধিবক্তাসকলক হতাশ কৰি আহিছে। আনকি ন্যায়াধীশগৰাকীয়ে গংগাৰ দৰে আচৰণ কৰি‌ আদালত কক্ষটোক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰাৰ লগতে কাৰ্য্যালয়ৰ তলতীয়া কৰ্মচাৰী টাইপিষ্টক হেয়জ্ঞান কৰা বুলিও অসৌজন্যমূলক বক্তব্যৰে ঠাট্টা কৰিছিল অধিবক্তা গোস্বামীয়ে। অধিবক্তাজনে লগতে গুৰুতৰ অভিযোগ উত্থাপন কৰি ন্যায়াধীশগৰাকীয়ে কাৰ্যালয়ৰ কৰ্মচাৰীৰ জৰিয়তে মাজুলীৰ পৰা খাদ্য - সামগ্ৰী সংগ্ৰহ কৰে আৰু চৰকাৰী বাহন চালকক ব্যক্তিগত কামত ব্যৱহাৰ কৰা বুলি মন্তব্য কৰিছিল।ইমানতে ক্ষান্ত নাথাকি অধিবক্তা উৎপল গোস্বামীয়ে ন্যায়াধীশগৰাকীক ব্যক্তিগত আক্ৰমণ কৰি পৌৰাণিক আখ্যানৰ ভষ্মাসুৰৰ লগত তুলনা কৰিবলৈও কুণ্ঠাবোধ কৰা নাছিল।অধিবক্তাজনে ন্যায়াধীশৰ প্ৰতি কৰা এনে অসন্মানজনক মন্তব্যৰ সন্দৰ্ভত শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে নিজাববীয়াকৈ এটা আদালত অৱমাননাৰ গোচৰ ৰুজু কৰে।এই গোচৰত অভিযুক্ত অধিবক্তা উৎপল গোস্বামীয়ে  কৰি শপতনামাৰ জৰিয়তে নিজৰ দোষ স্বীকাৰ নি:চৰ্ত ক্ষমা বিচাৰে আৰু ভৱিষ্যতে এনে অপৰাধৰ পুনৰাবৃত্তি নকৰে বুলিও শপতনামাত উল্লেখ কৰে।আইন আৰু ইয়াৰ বিধিৰ সন্দৰ্ভত পৰ্যাপ্ত জ্ঞানৰ অভাৱৰ বাবেই উক্ত অপৰাধ কৰা বুলি স্বীকাৰ কৰে।ন্যায়ালয়ে অধিবক্তা গোস্বামীৰ ১০ হাজাৰ টকাৰ বণ্ডত জামিন মঞ্জুৰ কৰে যদিও ২০ মাৰ্চত চূড়ান্ত ৰায়ৰ দিন ধাৰ্য কৰে। 

No comments