Breaking News

ছিকিমত প্ৰচণ্ড তুষাৰপাত, আৱদ্ধ ৯০০ পৰ্যটক



ছিকিমত প্ৰচণ্ড তুষাৰপাতৰ ফলত আৱদ্ধ হৈ পৰে পৰ্যটক। শনিবাৰে সন্ধিয়া নাথুলা আৰু টচমগো হ্ৰদৰ পৰা ছিকিমৰ ৰাজধানীলৈ উভতি অহাৰ সময়ত প্ৰচণ্ড তুষাৰপাতৰ ফলত ৮৯ খন বাহনত ভ্ৰমণ কৰা প্ৰায় ৯০০ পৰ্যটক আৱদ্ধ হৈ পৰে। ইয়াৰ পিছতেই সেনাৰ সহযোগত স্থানান্তৰ প্ৰক্ৰিয়া চলাই ততাতৈয়াকৈ ১৫ খন বাহন উদ্ধাৰ কৰা কৰিবলৈ সক্ষম হয় যদিও আন বাহনসমূহ উদ্ধাৰৰ বাবে অব্যাহত ৰাখে অভিযান। 

প্ৰচণ্ড বৰফসমূহ লাহে লাহে পৰিষ্কাৰ কৰা হয় আৰু উদ্ধাৰ কৰি বাহনসমূহ ৪২ কিলোমিটাৰ নিলগৰ গেংটকলৈ লৈ যোৱা হয়। ইফালে কিছুমান পৰ্যটক সেনাৰ ওচৰৰ শিবিৰতে কালিৰ ৰাতিটো কটাব লগা হয়। 

উল্লেখ্য প্ৰশাসনে শেহতীয়াকৈ পূব ছিকিমত হোৱা প্ৰচণ্ড তুষাৰপাতৰ বাবে কিছুদিনৰ বাবে নাথুলা আৰু টচমগো হ্ৰদৰ বাবে পাছ জাৰী কৰা বন্ধ কৰি দিয়ে।

No comments