Breaking News

এঘন্টাৰ বাবে অন্ধকাৰত বুৰ গ'ল বিশ্ব

শনিবাৰে এঘন্টাৰ বাবে আন্ধাৰত বুৰ গ'ল বিশ্ব।বিশ্বৰ ১৯০ খন দেশৰ লগতে ভাৰতেও 'আৰ্থ আৱাৰ' অথবা ধৰিত্ৰী ঘন্টা পালন কৰি সমগ্ৰ বিশ্বক  তথা দেশবাসীক জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বান তথা শক্তি সঞ্চয়ৰ বাবে সজাগ কৰিলে।ভাৰতত ধৰিত্ৰী ঘন্টা পালন কৰা হ'ল শনিবাৰে নিশা ৮.৩০ বজাৰ পৰা ৯.৩০ বজালৈ।সময়ৰ ভিন্নতাৰ বাবে বিশ্বৰ প্ৰতিখন দেশত একে সময়তে ধৰিত্ৰী ঘন্টা পালন কৰাটো সম্ভৱ নহ'লেও ১৯০ খন দেশে শনিবাৰে এই ধৰিত্ৰী ঘন্টা পালন কৰে।অসমতো শনিবাৰে নিশা ৮.৩০ বজাৰ পৰা ৯.৩০ বজালৈ ধৰিত্ৰী ঘন্টা পালন কৰা হয়। উক্ত সময়ছোৱাত সমগ্ৰ দেশৰ লগতে অসমতো অপ্ৰয়োজনীয় বৈদ্যুতিক লাইন আৰু বৈদ্যুতিক সৰঞ্জামসমূহ বন্ধ কৰি ৰখা‌ হয়। উল্লেখ্য যে ২০০৭ চনৰ পৰা ছিডনীৰ ৱৰ্ল্ড ৱাইল্ড লাইফ ফাণ্ডে (ডব্লিউ ডব্লিউ এফ) বিভিন্ন সহযোগীৰ সহায়ত জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বান গ্ৰহণ কৰা আৰু শক্তি সঞ্চয় কৰাৰ বাবে বিশ্ববাসীক উৎসাহিত কৰিবলৈ এই ধৰিত্ৰী ঘন্টা পালন কৰি আহিছে। এঘন্টা‌ ধৰি বৈদ্যুতিক লাইটসমূহ বন্ধ কৰি ৰাখিলে কিমান শক্তি সঞ্চয় হয়,সেয়া ডাঙৰ প্ৰশ্ন নহয়।এঘন্টাৰ সঞ্চয়ে প্ৰকৃততে বিশ্বক সিমান শক্তিৰ আধাৰ গোটাই দিব নোৱাৰে। কিন্তু বছৰত এদিন অৰ্থাৎ মাৰ্চৰ অন্তিম শনিবাৰটোত এই ধৰিত্ৰী ঘন্টা উদযাপন কৰি সমগ্ৰ বিশ্ববাসীক শক্তি সঞ্চয় কৰাৰ বাবে আৰু জলবায়ু পৰিবৰ্তনৰ প্ৰত্যাহ্বান গ্ৰহণ কৰা বাবে সজাগ কৰি তোলা হয়।ছিডনীত ২০০৭ চনত এই‌ দিৱস উদযাপন কৰাৰ পৰৱৰ্তী বছৰটোৰ পৰাই ধৰিত্ৰী ঘন্টা বিশ্বজুৰি স্বীকৃতি লাভ কৰি আহিছে। এতিয়া ১৯০ খন‌ দেশৰ চৰকাৰেও দেশবাসীক ধৰিত্ৰী দিৱস পালনৰ বাবে উৎসাহিত কৰে আৰু বিশ্বৰ সজাগ নাগৰিকসকলে ধৰিত্ৰী ঘন্টা পালন কৰে।ভাৰতত শনিবাৰে সেই নিৰ্দিষ্ট সময়ছোৱাত অপ্ৰয়োজনীয় সকলো লাইট নুমুৱাই দিয়াত সমগ্ৰ দেশখনেই অন্ধকাৰত ডুব যোৱাৰ দৰে হয়।বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰত নিজ নিজ দেশৰ সময় অনুসৰি এই ধৰিত্ৰী ঘন্টা পালন‌ কৰিলে।

No comments