Breaking News

তিহাৰ কাৰাগাৰলৈ প্ৰেৰণ মনীষ চিছোদিয়াক



সুৰা নীতিৰ গোচৰত গ্ৰেপ্তাৰ হোৱা আম আদমী পাৰ্টিৰ (আপ) জ্যেষ্ঠ নেতা মনীষ চিছোদিয়াক আজি এখন বিশেষ আদালতে ২০ মাৰ্চলৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ। ইয়াৰ অন্তত তিহাৰ কাৰাগাৰলৈ স্থানান্তৰ কৰা হ'ব মনীষ চিছোদিয়াক। ২০২১-২২ বৰ্ষৰ বাবে এতিয়া বাতিল কৰা সুৰা নীতি প্ৰস্তুত আৰু ৰূপায়ণত দুৰ্নীতিৰ অভিযোগত চিছোদিয়াক গ্ৰেপ্তাৰ কৰা হৈছিল।


শুনানিৰ সময়ত, চিবিআইয়ে আদালতক কৈছিল যে সংস্থাটোৱে এতিয়া অধিক জিম্মা বিচৰা নাই, কিন্তু ভৱিষ্যতে ইয়াক বিচাৰিব কিয়নো "অভিযুক্ত ব্যক্তিজনৰ আচৰণ সঠিক নহয়"।"তেওঁলোকে সাক্ষীসকলক ভয় খুওৱাইছে। তেওঁলোকে কাৰ্যক্ৰমক ৰাজনৈতিক ৰং দিছে," চিবিআইয়ে আদালতক কয় এইদৰে।

ইফালে চিছোদিয়াই কৈছিল যে "মোক গোটেই দিনটো ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে একেটা প্ৰশ্ন সোধা হৈছে। এইটো মোৰ বাবে মানসিক নিৰ্যাতন," শনিবাৰে চিবিআইৰ ৰিমাণ্ড আৰু দুদিনৰ বাবে বৃদ্ধি কৰাৰ পিছতে চিছোদিয়াই এই মন্তব্য কৰিছিল। 

আদালতে আগতে অনুমতি দিয়া তেওঁৰ ৭ দিনীয়া জিম্মাত সোধা-পোছাৰ ম্যাদ উকলি যোৱাৰ পিছত তেওঁক আজি বিশেষ ন্যায়াধীশ এম.কে. নাগপালৰ সন্মুখত হাজিৰ কৰোৱা হৈছিল।

চিবিআইয়ে অভিযোগ কৰিছে যে দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰীজনক গ্ৰেপ্তাৰ কৰা হৈছিল কিয়নো তেওঁ অপ্ৰত্যাশিত উত্তৰ দিছিল আৰু প্ৰমাণৰ সন্মুখীন হোৱা স্বত্বেও তদন্তত সহযোগিতা কৰা নাছিল।

উল্লেখ্য যে আদালতে আপ নেতাজনক তেওঁৰ চিকিৎসা পৰীক্ষাৰ সময়ত নিৰ্ধাৰিত ঔষধ কঢ়িয়াবলৈ অনুমতি দিছে। তেওঁক এযোৰ চশমা, এখন ডায়েৰী, কলম আৰু ভাগৱৎ গীতাৰ প্ৰতিলিপি কঢ়িয়াই নিয়াৰ অনুমতি দিয়া হৈছে। লগতে চিছোদিয়াৰ পৰামৰ্শদাতাৰ অনুৰোধ অনুসৰি, আদালতে কাৰাগাৰ কৰ্তৃপক্ষক তেওঁক ধ্যান কোষত ৰখাৰ অনুৰোধ বিবেচনা কৰিবলৈ নিৰ্দেশ দিছে।

No comments