Breaking News

ডিব্ৰুগড়ত বৰলুইতৰ সংহাৰী ৰূপ:চপৰা চপৰে খহিছে গৰা

  

ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াবহ খহনীয়াই সংহাৰী ৰূপ ধাৰণ কৰিছে।কালি নিশাৰ পৰা ব্ৰহ্মপুত্ৰৰ কোবাল সোঁত আৰু পকনীয়াই কাছাৰীঘাটত প্ৰায় ১০০ মিটাৰ দৈৰ্ঘ্যৰ অঞ্চল খহাই নিয়াত নগৰ সুৰক্ষা বন্ধটোৰ প্ৰতি প্ৰচণ্ড ভাবুকিৰ সৃষ্টি হৈছে।আতংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ। বৰ্তমান খহনীয়াস্থলী আৰু ডিব্ৰুগড় নগৰৰ সুৰক্ষা বান্ধ(মথাউৰি)ৰ মাজৰ ব্যৱধান‌ মাত্ৰ ১০ ফুট হৈছেগৈ।কালি নিশাৰে পৰা ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনৰ উপস্থিতিত জলসম্পদ বিভাগৰ কৰ্মচাৰীয়ে তৎপৰতাৰে ঘটনাস্থলিত মেগা জিঅ' বেগ স্থাপনেৰে প্ৰতিৰোধৰ চেষ্টা অব্যাহত ৰাখিছে। ডিব্ৰুগড় জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু,পৌৰপতি ডা: সৈকত পাত্ৰকে প্ৰমুখ্য কৰি জলসম্পদ বিভাগৰ অভিযন্তাই খহনীয়া প্ৰতিৰোধৰ কাম-কাজ অহৰহ প্ৰত্যক্ষ কৰি আছে। বিধায়ক প্ৰশান্ত ফুকনে জনায় যে খহনীয়া প্ৰতিৰোধৰ তৎকালীন ব্যৱস্থা হিচাপে জিঅ' বেগ স্থাপনৰ কাম বনুৱাসকলে কৰি আছে।একো একোটা জিঅ' বেগত বালি ভৰ্তি কৰিলে ইয়াৰ ওজন‌ হয় প্ৰায় ১৮ কুইন্টল।এই‌ গধূৰ জিঅ' বেগবোৰ খহনীয়াস্থলীত স্থাপন কৰাত খহনীয়াৰ প্ৰকোপ কিছু কম হোৱাৰ উপৰিও সাময়িক সকাহ হৈছে বুলি তেওঁ কয়। ইতিমধ্যে বিধায়কগৰাকীয়ে জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকাৰ লগত কথা পাতি খহনীয়া প্ৰতিৰোধৰ স্থায়ী ব্যৱস্থা  গ্ৰণৰ দাবী জনাইছে।এই ক্ষেত্ৰত মন্ত্ৰীগৰাকীয়েও ইতিবাচক সঁহাৰি জনোৱা বুলি তেওঁ জনায়। উল্লেখযোগ্য যে অৰুণাচলৰ পৰা আহি ব্ৰহ্মপুত্ৰত মিলিত হোৱা দিবাং নদীয়ে গতি সলোৱাৰ ফলতেই ডিব্ৰুগড় নগৰে এই ভয়াবহ ভাবুকিৰ সন্মুখীন হ'বলগীয়া হৈছে। উল্লেখযোগ্য যে চলি থকা খহনীয়া‌ প্ৰতিৰোধৰ বাবে বিজ্ঞানসন্মত ব্যৱস্থা গ্ৰহণ নকৰিলে ৰুদ্ৰমূৰ্তি  ধাৰণ কৰা বৰলুইতে ডিব্ৰুগড় জিলাখনৰ প্ৰতি অধিক ভাবুকি কঢ়িয়াই অনাৰ সম্ভাৱনা আছে।

No comments