Breaking News

শিৱসাগৰত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

 



শিৱসাগৰৰ প্ৰতিষ্ঠিত মহিলা সংগঠন জয়াদলং মহিলা সমাজ আৰু সন্মিলিত দিহানামৰ দলৰ যুটীয়া উদ্যোগত ঐতিয্যমণ্ডিত বৰপুখুৰীপাৰস্থ শ্বহীদ পিয়লি ফুকন উদ্যান প্ৰাংগণত ৮ মাৰ্চ আন্তৰিজাতিক নাৰী দিৱসৰ প্ৰাকক্ষণত প্ৰায় অৰ্ধ শতাধিক নাৰীৰ সমাবেশত এটি বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। নাৰী সৱলীকৰণ, সুৰক্ষা,অধিকাৰ, সমঅধিকাৰ বা লিংগ বৈষম্য দূৰীকৰণ,প্ৰতিভা বিকাশ আদি বিষয়ক প্ৰাধান্য দিয়া অনুষ্ঠানটিত মুখ্য আৰু সমল ব্যক্তি হিচাপে উপস্থিত থাকে বিশিষ্ট সমাজকৰ্মী ডক্টৰ শিখা বেজবৰুৱা গোস্বামী,জেষ্ঠ সাংবাদিক দ্ৰোণ খঙীয়া আৰু মনোজ কুমাৰ গগৈ।অনুষ্ঠানটিৰ আঁত ধৰে জয়া দলং মহিলা সমাজৰ সভাপতি ৰূপৰেখা বৰুৱাই।অনানুষ্ঠানিক ভাৱে অনুষ্ঠিত কৰা অনুষ্ঠানটি এটি বিয়া নামেৰে আৰম্ভণি কৰে কণমানি শিল্পী বীচু বৈৰাগীয়ে সকলোকে আপ্লুত কৰি তোলে।বিশিষ্ট আৰু আমন্ত্ৰিত ব্যক্তি সকলৰ ওপৰিও জিলাখনৰ  সৰবৰবহী আৰু আত্মনিৰ্ভৰশীল মহিলা হিচাপে মিনাক্ষী গগৈ,বীনা গোস্বামী,দীপ্তি বৈৰাগী,নীৰু চেতিয়া হাজৰিকা,পূণ্য কোঁৱৰ,কৰৱী বৰুৱা,পূণ্যলতা গগৈ,বন্তি দাস আদি কেইবাগৰাকী মহিলাক সম্বৰ্ধনা জনোৱা হয় আৰু তেওলোকৰ জীৱন সংগ্ৰাম,সফলতাৰ মাপকাঠি আদিৰে মতবিনিময় কৰা হয়।ড০শিখা বেজবৰুৱা গোস্বামীয়ে মহিলা সকলক শিক্ষা গ্ৰহণ,সাহস আৰু আত্মবিশ্বাসেৰে উদ্বুদ্ধ হৈ স্বনিৰ্ভৰশীল হ’বলৈ উৎসাহিত কৰাৰ লগতে এলাহ পৰিত্যাগ কৰি সমঅধিকাৰৰ সমান্তৰালকৈ পৰিয়ালটো নিয়াৰিকৈ চলাত সহায়ক হোৱাকৈ আৰ্থিক উপাৰ্জনৰ কথা চিন্তা কৰি আৰু আন দহোজনক উৎসাহিত কৰিবলৈ আহ্বান জনায়।আৰু নাৰী সৱলীকৰণৰ চৰাকাৰী আঁচনি সমূহৰ লগতে সুৰক্ষা,সমঅধিকাৰ আইন আদি সঘনাই প্ৰচাৰ কৰি ব্যাপক সজাগতাৰ সৃষ্টি কৰিবলৈ সংবাদ মাধ্যম সমূহলৈ আহ্বান জনায়।সজাসমবেত মহিলা সকলে সুন্দৰকৈ দিহানাম,কবিতা আবৃত্তি,ভাওনাৰ হচৱ,নাটকৰ সংলাপ আদি পৰিবেশন কৰি অন্তৰংগ মূহূৰ্ত পাৰ কৰে।আন্তৰ্জাতিক নাৰী দিৱসৰ প্ৰাকক্ষণত শিৱসাগৰৰ বৰপুখুৰীৰ পাৰ মহিলাসকলৰ প্ৰতিভাৰে উজ্বলি উঠে আৰু অসম সংগীতেৰে অনুষ্ঠানৰ সামৰণি পৰে।

No comments