Breaking News

অৰ্জ্জুনগুৰিত বেজবৰুৱা পৰিয়ালৰ বাৰ্ষিক ফাল্গুৎসৱ পালন



শিৱসাগৰ জিলাৰ অৰ্জ্জুনগুৰিস্থিত প্ৰসিদ্ধ বেজবৰুৱা পৰিয়ালৰ উদ্যোগত পৰম্পৰাগতভাৱে এইবাৰো দুদিনীয়া কাৰ্যসূচীৰে বাৰ্ষিক ফাল্গুৎসৱ ভাগি পালন কৰা হয়।এই স্থানতে পূজাৰ অন্তত বেজবৰুৱা বৃদ্ধসেৱা সংস্থা আৰু পৰিয়ালৰ মহিলা সদস্যাসকলৰ উদ্যোগত ৮ মাৰ্চ আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি এটি সম্বৰ্ধনা অনুষ্ঠানৰো আয়োজন কৰা হয়।বয়োজেষ্ঠা মহিলা লিলি বেজবৰুৱা ,ধাইআলি ছোৱালী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী অনিমা বেজবৰুৱা আৰু গো-পালনেৰে স্বাৱলম্বী হোৱা অন্চলটিৰ আদৰ্শবান মহিলা হিচাপে প্ৰীতিশা শৰ্মা বৰুৱাক অনুষ্ঠানত ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হয়।আদৰ্শ শিক্ষয়িত্ৰী সন্ধ্যাৰানী বেজবৰুৱাই আদৰণি ভাষণেৰে সকলোলৈ সম্ভাষণ জনায় আৰু নাৰী দিৱসৰ উদ্দেশ্য,তাৎপৰ্য আদিৰ বক্তব্য আগবঢ়ায়।বেজবৰুৱা বৃদ্ধসেৱা সংস্থাৰ কাৰ্যকৰী সভাপতি ড০শিখা বেজবৰুৱা গেস্বামীয়ে ভাষণ প্ৰসংগত নাৰীসকলক সম অধিকাৰৰ সমান্তৰালকৈ স্বাৱলম্বী হ’বলৈ উৎসাহিত কৰে।অনুষ্ঠানত ক্ৰমে লিলি বেজবৰুৱা,অসীমা বেজবৰুৱা,প্ৰীতিশা শৰ্মা বৰুৱা আৰু বন্দিতা বেজবৰুৱাই ঘোষা নাম,বক্তব্য আৰু কবিতা আবৃত্তি কৰে।বেজবৰুৱা বৃদ্ধসেৱাৰ উপদেষ্টা তথা প্ৰতিষ্ঠাপক সভাপতি তৰুণ বেজবৰুৱা ,দিলীপ বৰুৱাৰ লগতে ৰাজীৱ বৰুৱা,উৎপল বৰুৱা,মাইনা বেজবৰুৱা আদি সদস্যসকলৰ ওৰৰিও আন বহুতো লোক উপস্থিত থাকে।সভাৰ অন্তত অসম সংগীত পৰিবেশন কৰা হয়।উষাৰানী বেজবৰুৱাই সুন্দৰকৈ শলাগৰ শৰাই আগবঢ়ায়।উল্লেখযোগ্য যে বাৰ্ষিক ভাৱে আয়োজন কৰা ফাল্গুৎসৱস্থলীতে বিগত কেইবাবছৰো “কদমকলি”স্মৃতিগ্ৰন্থ উন্মোচনৰ লগতে সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল।



No comments