Breaking News

বাংলাদেশৰ অট্টালিকা বিস্ফোৰণত নিহতৰ সংখ্যা ১৭ লৈ বৃদ্ধিঃ অব্যাহত উদ্ধাৰ অভিযান




বাংলাদেশৰ ৰাজধানী ঢাকাৰ এটা বাণিজ্যিক ভৱনত সংঘটিত শক্তিশালী বিস্ফোৰণত নিহতৰ সংখ্যা ১৭ জনলৈ বৃদ্ধি পালে।  অগ্নি নিৰ্বাপক সেৱাৰ কৰ্মীসকলে দ্বিতীয় দিনাও অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান ।

অগ্নি নিৰ্বাপক সেৱাৰ বিষয়াসকলৰ মতে, বুধবাৰে পুৱা ৯ বজাত দ্বিতীয় দিনাৰ উদ্ধাৰ কাৰ্য আৰম্ভ কৰা হয়। এটা সেনাৰ দলেও উদ্ধাৰ অভিযানত যোগদান কৰিছে।

উল্লেখ্য যে পুৰণি ঢাকাৰ গুলিস্তানৰ ছিদ্দিক বজাৰৰ কেফে কুইন ভৱনত মঙলবাৰে সন্ধিয়া প্ৰায় ৫:০০ বজাত সংঘটিত হৈছিল প্ৰচণ্ড বিস্ফোৰণ। এই বিস্ফোৰণ কমেও ১৭ জন লোক নিহত হোৱাৰ বিপৰীতে আহত হৈছিল শ শ লোক। প্ৰাপ্ত খবৰ অনুসৰি কমেও ৪ জন লোক বৰ্তমানেও সন্ধানহীন হৈ আছে।

ঢাকা জিলাৰ প্ৰশাসনৰ মুৰব্বী মহম্মদ মমিনুৰ ৰহমানে মঙলবাৰে নিশা ছিনহুয়াক কয় যে, "আমি জানিব পাৰিছো যে ঘটনাটোত কমেও ৫০০ জন লোক আহত হৈছে," তেওঁ লগতে কয় যে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোকসকলৰ ২০ জনক ঢাকা চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

বিস্ফোৰণৰ বলি হোৱা লোকসকলৰ চিকিৎসা কাৰ্যসূচী পৰিদৰ্শন কৰাৰ পিছত বাংলাদেশৰ স্বাস্থ্য মন্ত্ৰী জাহিদ মালেকে কয় যে বিস্ফোৰণৰ ধ্বংসাৱশেষৰ ফলত মূৰত আঘাত হৈ ৰক্তক্ষৰণ হোৱাৰ ফলত বেছিভাগ লোকৰ মৃত্যু হৈছে।

বিস্ফোৰণৰ ফলত দুটা বহুমহলা অট্টালিকা ক্ষতিগ্ৰস্ত হৈছিল। অগ্নি নিৰ্বাপক সেৱা নিয়ন্ত্ৰণ কক্ষৰ তথ্য অনুসৰি কোনো অট্টালিকা সম্পূৰ্ণৰূপে খহি পৰা নাছিল, কিন্তু মজিয়াৰ ধ্বংসাৱশেষ পথচাৰীসকলৰ ওপৰত পৰিছিল আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল।

অৱশ্যে বিস্ফোৰণৰ প্ৰকৃত কাৰণ বৰ্তমানও অস্পষ্ট হৈ আছে। এই সন্দৰ্ভত ঢাকা মেট্ৰ'পলিটান আৰক্ষী আয়ুক্ত খান্দকাৰ গোলাম ফাৰুকে কৈছিল যে তেওঁলোকে কোনো প্ৰমাণ পোৱা নাই যাৰ ফলত বিস্ফোৰণ ঘটিব পাৰে। দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি তেওঁ সাংবাদিকৰ আগত কয়, "আমাৰ বোমা বিশেষজ্ঞ দলে বিষয়টো চোৱা-চিতা কৰি আছে।


No comments