Breaking News

গীনিজ বুক অব্ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ অসম চৰকাৰৰ: লাচিত বৰফুকনক লৈ ৪২ লক্ষাধিকৰ ৰচনা

 

আগন্তুক ব'হাগ বিহুত অসম চৰকাৰে বিহু নাচেৰে গীনিজ বুক অব্ ৱৰ্ল্ড ৰেকৰ্ড গঢ়াৰ প্ৰস্তুতি চলাই থকাৰ সময়তে আহিল এটা ভাল খবৰ।মহাবীৰ লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে অসম চৰকাৰে ২০২২ চনৰ নৱেম্বৰত ৰাজ্যখনৰ সকলোকে মহাবীৰ গৰাকীৰ বিষয়ে ৰচনা লিখাৰ বাবে আহ্বান জনাইছিল।অসম চৰকাৰৰ সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৰাজ্যখনৰ ৪২ লাখৰো অধিক ব্যক্তিয়ে অনলাইনযোগে তেওঁৰ বিষয়ে ৰচনা অআপল'ড কৰিছিল।আৰু লাচিত বৰফুকনৰ বিষয়ে লিখা সেই ৰচনাই এতিয়া অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।গীনিজ বুক অব্ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰিবলৈ সক্ষম লাচিত বৰফুকনকলৈ লিখা সেই‌ ৰচনাই।আজি গীনিজ বুক অব্ ৱৰ্ল্ড ৰেকৰ্ডৰ কৰ্তৃপক্ষই অসম চৰকাৰক‌ গুৱাহাটীত আনুষ্ঠানিকভাৱে এই অভিলেখ গঢ়াৰ বাবে প্ৰমাণপত্ৰ প্ৰদান কৰিব।

No comments